শ্বহীদৰ মূৰ্তি ভাঙি দুৰ্বৃত্তই নিলে খুকুৰী

দুৰ্গা মল্লৰ প্ৰতিমূৰ্তি ভাঙিলে দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা, ২৮ নবেম্বৰঃ পশ্চিম কাৰ্বিআংলঙৰ বিথং ৰেংথামা পৰিষদীয় সমষ্টিৰ মুগাচং ভানু চ’কত অৱস্থিত শ্বহীদ দুৰ্গা মল্লৰ প্ৰতিমূৰ্তি কোনো দুৰ্বৃত্তই ভাঙি পেলায়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজাদ হিন্দ ফৌজৰ প্ৰথম গৰাকী কৰ্ণেল মেজৰ শ্বহীদ আছিল দুৰ্গা মল্ল। স্থানীয় ৰাইজৰ মতে বুধবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে শ্বহীদ দুৰ্গা মল্লৰ সোঁহাতখন ভাঙি হাতত থকা খুকুৰীখন এৰুৱাই লৈ যায়। একাংশ লোকে পুৱাহে প্ৰত্যক্ষ কৰে মূৰ্তিটোৰ ভঙা অংশ। ঘটনাসন্দৰ্ভত ডংকামোকাম উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কাৰ্বি আংলং স্বায়ত্ৱ পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ জৰিয়তে আবণ্টিত পুঁজিৰে ২০১৮চনত নিৰ্মাণ কৰিছিল প্ৰতিমূৰ্তিটো। এনে দুষ্কাৰ্যক সকলোৱে তীব্ৰগৰিহনা দিয়াৰ ওপৰিও দুৰ্বৃ্ত্তক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

দুৰ্গা মল্লৰ প্ৰতিমূৰ্তি ভাঙিলে দুৰ্বৃত্তই