শ্বিলং ভ্রমণ বাতিল অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ কেবক লৈ উত্তৰ–পূর্বাঞ্চলৰ অসম আৰু মেঘালয় উত্তপ্ত হৈ থকাৰ পৰিপ্রেক্ষিততে শ্বিলং ভ্রমণ বাতিল কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷

অহা দেওবাৰে উত্তৰ–পূব আৰক্ষী একাডেমী পৰিভ্রমণৰ কার্যসূচী কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে নির্ধাৰিত কৰিছিল যদিও কেবক লৈ সৃষ্টি হোৱা পৰিৱেশে এই ভ্রমণ কার্যসূচী বাতিল কৰা বুলি এ এন আয়ে প্রকাশ কৰিছে ৷

amit shahFeatured
Comments (0)
Add Comment