শ্রেষ্ঠ বঁটা লাভেৰে উজলিল অসমৰ কৃষক মুম্বাইত আন্তঃৰাষ্ট্রীয় জৈৱিক কৃষি প্রদর্শনী

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ মুম্বাই চহৰত যোৱা ৩, ৪ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্রীয় জৈৱিক কৃষি প্রদর্শনী আৰু মেলাত অসমৰ পৰা প্রতিনিধিত্ব কৰা পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত কেইবাগৰাকীও কৃষকে জৈৱিক পদ্ধতিৰে কৃষিকার্য সম্পাদন কৰি উৎপাদন কৰা কেইবাবিধো সামগ্রী প্রদর্শন আৰু বিক্রী কৰে৷ উল্লেখ্য যে এই সামগ্রীসমূহৰ সমাদৰ ইমানেই বেছি আছিল যে দুদিনতে অসমৰ জৈৱিক সামগ্রীসমূহ শেষ হৈ যায়৷ ৰাজ্যখনৰ পৰা যোৱা কৃষকসকল যথেষ্ট উৎসাহিত হয়৷ এই আন্তঃৰাষ্ট্রীয় এক্সপ’ত অসমে প্রথম স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু সমগ্র দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ এই শ্রেষ্ঠ স্থান লাভ কৰাত বঁটা প্রদান কৰে অসমৰ পৰা নির্বাচিত সাংসদ তথা খাদ্য পৰিশোধন বিভাগৰ মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷ মেলাত প্রদর্শন আৰু বিক্রী কৰা জৈৱিক কৃষিজাত সামগ্রীসমূহ আছিল– ক’লা ধানৰ চাউল, জহা চাউল, আইজং চাউল, কোমল চাউল আৰু বিভিন্ন ধৰণৰ পাচলি৷ এই মেলাত অংশগ্রহণৰ বাবে যোৱা বজালীৰ আদর্শ কৃষক মহেন্দ্র দাসে জানিবলৈ দিয়া মতে, আনকি এই ধানসমূহৰ বীজ সংগ্রহ কৰাৰ বাবে বিভিন্ন ৰাজ্য তথা দেশৰ ক্রেতাই আগ্রহ প্রকাশ কৰিছে৷ এই প্রদর্শনীত অংশগ্রহণ কৰা কৃষকসকল হ’ল– মহেন্দ্র দাস (বজালী), জৈৱিক কৃষি পদ্ধতিৰে কৃষিকার্য কৰি কৃষিৰত্ন বঁটাপ্রাপক আব্দুল মান্নান (লালপুল, ওদালগুৰি), হেমেন্দ্র চন্দ্র ৰাভা (গোৱালপাৰা), প্রদীপ নার্জাৰী (কার্বি আংলং), দীপাঞ্জল শইকীয়া (শোণিতপুৰ), জয়ন্ত কাকতি (শোণিতপুৰ), বিকান ৰাভা (কামৰূপ), কমলেশ্বৰ বড়ো (ওদালগুৰি), বনমালী নাথ (বৰপেটা), ধ্রুৱজ্যোতি শইকীয়া (দৰং), তিলক বর্মন (বঙাইগাঁও), ঋতুৰাজ ডেকা (কামৰূপ), বীৰেন সিং টেৰণ (কার্বি আংলং), চন্দ্রমোহন ৰায় (বঙাইগাঁও), কালি ৰংবং (কামৰূপ), উমা শইকীয়া (নগাঁও), হিৰণ্য দাস (নগাঁও) আৰু সুনীল ৰাভা (কামৰূপ)৷ উল্লেখ্য যে অসমৰ জৈৱিক কৃষিজাত সামগ্রীৰ প্রতি ক্রেতাৰ আগ্রহ আৰু সমাদৰে কৃষকৰ দলটোক অধিক উৎসাহী কৰি তুলিছে আৰু ভৱিষ্যতে এনে কার্য অধিক পৰিসৰত কৰাৰ বাবে আগ্রহী হৈ পৰিছে ৷

Featured
Comments (0)
Add Comment