সংবিধান সংশোধন কৰি হ’লেও সুৰক্ষিত কৰিব লাগিব অসমীয়া ভাষা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হয় বিজেপিৰ বিধায়িনী দলৰ বৈঠক । এই বৈঠকত অসমৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেবিনেট বৈঠকত ইয়াক উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মূলতঃ অতি শেহতীয়াকৈ অসমীয়া ৰাইজৰ শংকা আৰু ভাষাটোৰ অস্তিত্বৰ প্ৰতি উদ্বিগ্নতা আহি পৰাৰ পাচতে বিধায়িনী দলৰ বৈঠকত বিষয়টোক গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই । সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে, সংবিধান সংশোধন কৰি হ’লেও সুৰক্ষিত কৰিব লাগিব অসমীয়া ভাষা । এইক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব বুলিও উল্লেখ কৰে । অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰীকৰণ কৰি অসমীয়াক সাংবিধানিক সুৰক্ষা দিয়া আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক মৰ্যদা সহকাৰে সমাধান কৰিবলৈও চৰকাৰলৈ আহ্বান জনোৱা বুলি উল্লেখ চতিয়াৰ বিধায়কগৰাকীয়ে ।

ইফালে , বিধায়িনী দলৰ বৈঠকৰ পাচতেই অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ৰঞ্জিত দাসেও সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰে । শুকুৰবাৰে নলবাৰীত অনুষ্ঠিত হৈ যোৱা শান্তি সমদলৰ কাৰ্যসূচী আগন্তুক দিনতো অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে ৰঞ্জিতক দাসে । পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ ৫ খনকৈ জিলাত অনুষ্ঠিত হ’ব এই সমদল ।

Featured
Comments (0)
Add Comment