পশ্চিমবংগত ১ কোটি, অসমত ৫ লাখে পাব নাগৰিকত্ব; কি কি থাকিব বিশেষ চৰ্ত ?

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ৰ বিধি প্রণয়নৰ কাম আৰম্ভ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ বৃহস্পতিবাৰে এই বিধি প্রস্তুত সম্পর্কীয় এক বৈঠকত অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গৃহ মন্ত্রালয়ৰ সৈতে হোৱা বৈঠকৰ পাছত ‘কা’ৰ অধীনত নাগৰিকত্ব সম্পর্কীয় কিছু তথ্য সদৰী কৰে৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই প্রকাশ কৰে যে নাগৰিকত্ব আইনৰ ৬ (বি) অনুচ্ছেদৰ সংশোধনীৰ আধাৰত ভাৰত চৰকাৰে নাগৰিকত্ব সম্পর্কীয় বিধি প্রস্তুতৰ প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে৷

এই সংশোধনীৰ অধীনত নাগৰিকত্ব বিচৰা লোকসকলে আবেদনৰ সময়ত মূলতঃ তিনিটা চর্ত পূৰণ কৰিব লাগিব বা এই সম্পর্কীয় স্পষ্ট প্রমাণ দাখিল কৰিব লাগিব৷

প্রথমতে আবেদনকাৰীজন যে হিন্দু, বৌদ্ধ, শিখ, জৈন, পার্চী বা খ্রীষ্টান ধর্মাৱলম্বী হয়, তাৰ নিশ্চিত প্রমাণ দাখিল কৰিব লাগিব৷

দ্বিতীয়তে আবেদনকাৰীজনে যে ২০১৪ চনৰ পূর্বে ভাৰতত প্রৱেশ কৰিছে, তাৰ প্রমাণ জমা দিব লাগিব৷ এইক্ষেত্রত যিকোনো চৰকাৰী নথি– বেংকৰ পাছবুক, শিক্ষাগত প্রমাণ–পত্র, আধাৰ কার্ড, ভোটাৰ পৰিচয়–পত্র, ভোটাৰ তালিকাৰ প্রতিলিপি আদি নথি গ্রহণযোগ্য হ’ব৷

তৃতীয়তে আবেদনকাৰীজন যে বাংলাদেশ, পাকিস্তান অথবা আফগানিস্তানৰ পৰা আহিছে, তাৰ প্রমাণ আবেদনৰ সময়ত দাখিল কৰিব লাগিব৷ তেওঁ সংশ্লিষ্ট দেশখনৰ যিকোনো চৰকাৰী নথি, ভোটাৰ তালিকা, শৰণার্থীৰ প্রমাণ–পত্র আদি আবেদনৰ সৈতে জমা দিব লাগিব৷

আনহাতে, অসমৰ ক্ষেত্রত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বাবে আবেদন জনোৱা প্রমাণ–পত্র গ্রহণযোগ্য নথি হিচাপে নথিভুক্ত কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ জনোৱা হৈছে বুলি মন্ত্রী ড০ শর্মাই সদৰী কৰে৷ তেওঁ কয় যে অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত হিন্দু বাংলাদেশীসকলৰ নথিৰ ক্ষেত্রত এন আৰ চি কর্তৃপক্ষই বহু কঠোৰ নিৰীক্ষণ কৰাত বহু হিন্দু বাঙালী লোকৰ নাম বাদ পৰি যোৱাটো প্রমাণ হৈ গৈছে৷ সেই বাবেই এই আবেদন জনোৱা নথিকো গ্রহণযোগ্য প্রমাণ হিচাপে গ্রহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে যে নাগৰিকত্ব বিচাৰি আবেদন জনোৱা লোকসকলে দাখিল কৰা সকলো তথ্য কেন্দ্রীয় চোৰাংচোৱা সংস্থাই পৰীক্ষা কৰিব৷ তেওঁ লগতে সদৰী কৰে যে অসমত এই সংশোধনীৰ জৰিয়তে নাগৰিকত্ব বিচাৰি আবেদন জনোৱা লোকৰ সংখ্যা ৫ লাখৰ ওপৰত নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে৷ ইফালে পশ্চিমবংগত এই আইনৰ অধীনত প্রায় এক কোটি লোকে নাগৰিকত্ব লাভ কৰিব বুলি সদৰী কৰে৷ আনহাতে, ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন জনোৱা কোনো লোকে চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হোৱাৰ প্রমাণ দাখিল কৰিব নালাগে৷ কাৰণ কোনো ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হোৱা প্রমাণ নাগৰিকে কেনেদৰে লাভ কৰিব বুলি মন্ত্রী ড০ শর্মাই প্রশ্ন কৰে৷ তেওঁ লগতে এইবুলিও প্রশ্ন কৰে যে বাংলাদেশ অথবা পাকিস্তান চৰকাৰে কোনো লোক উক্ত ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হোৱা বুলি কি যুক্তিত স্বীকাৰ কৰি ল’ব৷

আনহাতে, নিজ ধর্মৰ প্রমাণ দাখিল কৰাৰ পাছত কোনো লোকে ধর্ম সলনি কৰি নাগৰিকত্ব লাভ কৰাৰ প্রশ্ণ উত্থাপন নহয় বুলি মন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব সম্পর্কীয় বিধি প্রস্তুত হৈ উঠাৰ পাছতে নাগৰিকত্ব সম্পর্কীয় সকলো বিভ্রান্তি দূৰ হ’ব বুলি অনুমান কৰা হৈছে৷

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment