সত্যক পৱিত্র জ্ঞান, অসত্যক বর্জন কৰাটোৱেই সাংবাদিকৰ ধর্মঃ মুখী

তেজপুৰত অজিত কুমাৰ ভূঞাক ৰাধিকামোহন ভাগৱতী, মুনীন বায়নক প্রফুল্ল চন্দ্র বৰুৱা, প্রশান্ত ৰাজগুৰুক হৰি বর্মন সোঁৱৰণী বঁটা প্রদান আজুৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত শুকুৰবাৰে এখন গাম্ভীর্যপূর্ণ জনাকীর্ণ সভাত মুখ্য অতিথি হিচাপে ভাষণ দি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয়– ‘সত্যক পৱিত্র জ্ঞান কৰি অসত্যক সর্বত্র বর্জন কৰাটোৱেই এজন সাংবাদিকৰ ধর্ম ৷ অসত্য বাতৰি পৰিৱেশন কৰাটোক মহাত্মা গান্ধীয়ে অপৰাধ বুলি কৈছিল ৷ সত্যাশ্রয়ী সাংবাদিক বন্ধুসকলে নির্ভয়ে আৰু নিঃসংকোচে মানৱীয় দোষ–ত্রুতিসমূহক সুন্দৰকৈ দাঙি ধৰক ৷ সমাজ তেতিয়াহে সুন্দৰ হ’ব ৷’ প্রথম বার্ষিক সাংবাদিকতা বঁটা প্রদান অনুষ্ঠানত বঁটা প্রদান কৰি ৰাজ্যপালগৰাকীয়ে লগতে কয়– ‘হৰি–হৰৰ যুদ্ধৰ পৱিত্র স্মৃতিৰে মহাবাহু ব্রহ্মপুত্রৰ পাৰত ঊষা–চিত্রলেখাৰ মনোৰম কাহিনীৰে সমৃদ্ধ তেজপুৰ চহৰৰ তথা অসমীয়া জাতীয় জীৱনৰ মহানায়ক ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষুপ্রসাদ ৰাভা আৰু নটসূর্য ফণী শর্মাৰ পৱিত্র পাদ স্পর্শৰে ধন্য হৈ থকা ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত উপস্থিত হ’বলৈ পাই মই পৰম আনন্দিত ৷ তেজপুৰ অসমৰ জাতীয় জীৱন আৰু সংস্কৃতিৰ বৰঘৰ ৷’ উল্লেখ্য যে সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত প্রথম বার্ষিক এই বঁটা প্রদান অনুষ্ঠানত ৰাধিকামোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা প্রাগ নিডজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, প্রফুল্ল চন্দ্র বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা দৈনিক অসম কাকতৰ কার্যবাহী সম্পাদক মুনীন বায়ন, হৰি বর্মন সোঁৱৰণী সাংবাদিকতা বঁটা আমাৰ অসম কাকতৰ সম্পাদক প্রশান্ত ৰাজগুৰু আৰু শ্বহীদ সাংবাদিক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা যুটীয়াভাৱে থেক্কাৰ কাকতৰ সম্পাদক লংছিং টেৰণ আৰু ডিমা হাছাও পোষ্ট কাকতৰ সম্পাদক সূর্য থাউচেনলৈ আগবঢ়াই ৰাজ্যপালগৰাকীয়ে সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ এই কার্যসূচীক বিশেষভাৱে প্রশংসা কৰি কয়– ‘ৰাজ্যখনৰ সাংবাদিকসকলৰ স–সংগঠিত পুৰণি সংগঠনটোৱে সাংবাদিকৰ স্বার্থ আৰু কল্যাণৰ হকে তথা সমাজৰ হিতার্থে কাম কৰি আহিছে ৷’ তেওঁ কয়– ‘সংবাদ সেৱা এটা অতি পৱিত্র আৰু গধুৰ দায়িত্ব ৷ এই পৱিত্র সেৱাৰ লগত জড়িত হৈ থাকে ব্যক্তি আৰু সমাজৰ শুভাশুভৰ প্রশ্ন ৷’ ৰাজ্যপালগৰাকীয়ে আৰু কয়– ‘সুস্থ সাংবাদিকতাই মানুহৰ মনৰ অনুসন্ধিৎসা যিদৰে পূৰণ কৰে, তেনেদৰে সমাজৰ সর্বাংগীণ মংগলৰ হকে প্রয়োজনীয় শক্তিৰ জাগৰণ ঘটায় ৷ অসুস্থ, মূল্যবোধহীন সাংবাদিকতাই দেশৰ গণতন্ত্রকো বিপন্ন কৰি তোলে ৷’ সম্প্রতি বিশ্বায়নৰ যুগত সাংবাদিকতাৰ দায়িত্ব অধিক বৃদ্ধি পোৱা বুলি মন্তব্য কৰি ৰাজ্যপাল মুখীয়ে কয় যে অষ্টাদশ শতিকাৰ আগতেই ইংলেণ্ডত সাংবাদিকে দেশৰ ইতিহাস সলাই দিব পৰাকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল ৷ প্রকৃত সত্যৰ উদ্ঘাটন আৰু সত্যক মানুহৰ আগত প্রকাশ কৰাটো সাংবাদিকৰ কাম ৷ ৰাজ্যপালগৰাকীয়ে এই দুয়োটা কামেই অতি কঠিন আৰু বিপজ্জনক বুলিও মন্তব্য কৰে ৷ ৰাজ্যপাল মুখীয়ে এইখন অসমত আজিৰ সাংবাদিকসকলে আদর্শ হিচাপে গ্রহণ কৰি নিজৰ কর্মক্ষেত্রৰ বাটকটীয়া স্বৰূপে ল’ব পৰা স্বনামধন্য সাংবাদিক লক্ষ্মীনাথ ফুকন, হৰেন্দ্রনাথ বৰুৱা, কীর্তিনাথ হাজৰিকা, ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্য, যোগেশ দাস, ৰাধিকামোহন ভাগৱতী, প্রফুল্ল চন্দ্র বৰুৱা, চন্দ্র প্রসাদ শইকীয়া আদিলৈ শ্রদ্ধা জ্ঞাপন কৰে ৷ আনহাতে, সদৌ অসম সাংবাদিক সন্থা (আজুৰ) সভাপতি পংকজ কুমাৰ নাথৰ ‘ইতিহাসৰ উচুপনি’ নামৰ গ্রন্থখন বঁটা প্রদান অনুষ্ঠানতে উন্মোচন কৰি ৰাজ্যপালগৰাকীয়ে এই বিশেষ গ্রন্থখনে অসমৰ গৌৰৱময় ইতিহাস আৰু পুৰাতত্ত্ব সম্পৰ্কে নতুন তথ্যৰ সন্ধান দিব বুলি মন্তব্য কৰে ৷ অৱসৰপ্রাপ্ত অধ্যাপক তথা অভ্যর্থনা সমিতিৰ সভাপতি পূর্ণেশ্বৰ নাথে আদৰণী ভাষণ পাঠ কৰা সাংবাদিকতা বঁটা প্রদান অনুষ্ঠানত ৰাজ্যখনৰ মহাধিবক্তা ড০ ৰমেশ চন্দ্র বৰপাত্র গোহাঁয়ে সন্মানীয় অতিথি হিচাপে অংশ লৈ দিয়া ভাষণত সংবাদ মাধ্যমে সমাজ আৰু দেশ তথা ৰাজ্যৰ স্বার্থৰ হকে সেৱামূলক ভাবেৰে সংবাদ পৰিৱেশন কৰাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰে ৷ কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য তথা অনুষ্ঠানৰ বিশিষ্ট অতিথি ড০ হিতেশ ডেকাই নতুন প্রজন্মৰ মাজত বাতৰিকাকতৰ প্রচলন আৰু গ্রন্থৰ অধ্যয়নৰ প্রতি প্রকৃততে কিমান আগ্রহ আছে, সেই সন্দর্ভত চিন্তা ব্যক্ত কৰি বহু সময়ত সংবাদ মাধ্যমে বিশ্বাস হেৰুওৱা বুলি মন্তব্য কৰে ৷ তেওঁ ইয়াক প্রত্যাহ্বান হিচাপে গ্রহণ কৰি নীতি–নিষ্ঠতাৰে সংবাদকর্মীসকলে নিজৰ দায়িত্ব পালন কৰিব লাগে বুলি মন্তব্য কৰে ৷ অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰি শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে সাংবাদিকসকলক মানৱ কল্যাণ আৰু সমাজৰ হিতার্থে নিজকে আত্মনিয়োগ কৰিবলৈ আহবান জনায় ৷ অনুষ্ঠানটোত ৰাধিকামোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা গ্রহণ কৰি ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক তথা প্রাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই কয়–‘আজি এই বঁটা গ্রহণ কৰি মই অভিভূত হৈ পৰিছোঁ ৷ সদৌ অসম সাংবাদিক সন্থাই সাংবাদিকৰ সমস্যাতে সীমাবদ্ধ নাথাকি জাতীয় আৰু সামাজিক দায়বদ্ধতাৰ স্বার্থত প্রশংসনীয় কাম কৰি এক অনুকৰণীয় আদর্শ দাঙি ধৰিছে ৷ ইয়াৰ বাবে মই সংগঠনটোৰ সমূহ কর্মকর্তাক কৃতজ্ঞতা জনাইছো ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয়– ‘সংবাদ ক্ষেত্রখনলৈ অকল্পনীয় পৰিৱর্তন আহিছে ৷ সমাজৰ প্রতিটো ক্ষেত্রতে ঘুণে ধৰিছে ৷ এনে অৱস্থাত সকলো দায়িত্ব কেৱল সাংবাদিকেই পালন কৰিব লাগিব বুলি ভবাটো ভুল ৷’ তেওঁ কয়–‘সংবাদ ক্ষেত্রখনলৈ সম্প্রতি বিশ্বাসহীনতাৰ এক পৰিৱেশ সৃষ্টি হোৱাৰ সময়তো ৰাইজৰ সংবাদ জগতে যথেষ্ট সাহস আৰু সততাৰে দায়িত্ব পালন কৰি আহিছে ৷’ সাংবাদিক ভূঞাই এই অনুষ্ঠানত উন্মোচিত পংকজ কুমাৰ নাথৰ ‘ইতিহাসৰ উচুপনি’ গ্রন্থখন অতি সময়োপযোগী আৰু ইতিহাসসমৃদ্ধ এখন মূল্যৱান গ্রন্থ বুলি মন্তব্য কৰি কয়– এই গ্রন্থখনে অসমৰ প্রাচীন ইতিহাসৰ বহু তথ্যৰ সম্ভেদ দিয়াৰ লগতে প্রত্নতাত্ত্বিক ক্ষেত্রসমূহৰ ডুখৰীয়া ছবিখন দাঙি ধৰিছে ৷ পংকজ কুমাৰ নাথে যথেষ্ট কঠিন পৰিশ্রমৰ মাজেদি ৰচনা কৰা এই গ্রন্থখনৰ দ্বাৰা নতুন প্রজন্ম বিশেষভাৱে অনুপ্রাণিত হ’ব ৷ অনুষ্ঠানটোত প্রফুল্ল চন্দ্র বৰুৱা সাংবাদিকতা বঁটা দৈনিক অসম কাকতৰ কার্যবাহী সম্পাদক মুনীন বায়নে গ্রহণ কৰি তেওঁৰ অভিমত প্রকাশ কৰি দিয়া বক্তব্যত কয়– বর্তমান সাংবাদিকতা ক্ষেত্রখনলৈ কাৰিকৰী দিশত যি পৰিৱর্তন আহিছে, তাৰ ইতিবাচক দিশ থকাৰ লগতে নেতিবাচক প্রভাৱো পৰিছে ৷ বর্তমান আমেৰিকাত প্রায় হেজাৰৰো অধিক বাতৰিকাকতৰ প্রকাশ বন্ধ হৈ পৰাৰ কথা উল্লেখ কৰি সাংবাদিক বায়নে ইয়াৰ কাৰণে কেৱল বাণিজ্যিক বিফলতাই নহয়, পাঠকৰ মাজত সেইসমূহ কাকতৰ বিশ্বাস হেৰুৱাটো এক কাৰণ বুলি মন্তব্য কৰে ৷ তদুপৰি, দেশ আৰু ৰাজ্যত সাংবাদিকসকল বিভিন্ন প্রতিক্রিয়াশীল চক্রৰ লক্ষ্যৰ কাৰণ হৈ পৰা বুলি সাংবাদিক বায়নে কয় যে গণতন্ত্র আৰু নীতি–নিষ্ঠা ৰক্ষাৰ বাবে সংবাদ মাধ্যমে চলাই অহা দায়িত্বপূর্ণ কার্যৰ বিপৰীতে এটা মহলে সংবাদ মাধ্যমক আক্রমণ কৰাটো এতিয়া সহজলভ্য হৈ পৰিছে ৷ এনে জটিল তথা প্রত্যাহ্বানপূর্ণ পৰিস্থিতিৰ মাজতে সংবাদকর্মীসকলে নীতি আৰু সেৱাৰ মানসিকতাৰে আগবাঢ়ি যাব লাগিব বুলি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে মন্তব্য কৰে ৷ তেওঁ দৈনিক অসম কাকতৰে এসময়ৰ সম্পাদক প্রফুল্ল চন্দ্র বৰুৱাৰ সোঁৱৰণত প্রদান কৰা সাংবাদিকতা বঁটা গ্রহণ কৰি অতি উৎফুল্লিত হোৱা বুলি অভিমত প্রকাশ কৰে ৷ আন এগৰাকী বঁটাপ্রাপক সাংবাদিক তথা আমাৰ অসম কাকতৰ সম্পাদক প্রশান্ত ৰাজগুৰুৱে লাভ কৰা হৰি বর্মন সোঁৱৰণী সাংবাদিকতা বঁটা তেওঁ পূর্বে লাভ কৰা ছুইজাৰলেণ্ডৰ ইনষ্টিটিউট অৱ ছ’চিয়েল জার্নেলিজিমে আন্তর্জাতিক বঁটাতকৈ পৃথক বুলি মন্তব্য কৰি বর্ণাঢ্য কার্যক্রমণিকাৰে তেওঁ যেনেধৰণে বঁটা প্রদান কৰিলে, তাক লৈ মই অধিক অনুপ্রাণিত আৰু উৎফুল্লিত হোৱা বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত শ্বহীদ সাংবাদিক মাণিক দেউৰী সাংবাদিকতা বঁটা গ্রহণ কৰি দিয়া ভাষণত লংছিং টেৰণ আৰু সূর্য থাওচেনে এই বঁটা গ্রহণ কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰি দিয়া ভাষণত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথে কয়– ৰাজ্যৰ সাংবাদিকতাৰ ক্ষেত্রখনক মহীয়ান কৰি আৰু জাতীয় জীৱন তথা সমাজৰ সংকটৰ মুহূর্তত সততাৰে সাংবাদিকতা কৰি অহা প্রয়াত স্বনামধন্য সাংবাদিকসকলৰ প্রতি শ্রদ্ধা জনোৱা আৰু সাম্প্রতিক যিসকলে সমাজ আৰু জাতীয় জীৱনৰ দায়বদ্ধতা বাহাল ৰাখি সাংবাদিকতা কৰি আহিছে, সেইসকলক সন্মান প্রদর্শন কৰাটো সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ প্রধান উদ্দেশ্য ৷ এই উদ্দেশ্য আগত ৰাখিয়েই আজি সাংবাদিকতা বঁটা প্রদান অনুষ্ঠানটো আয়োজন কৰা হৈছে ৷ অভ্যর্থনা সমিতিৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু প্রবীণ কন্ঠশিল্পী দুর্গাময়ী বৰাই পৰিৱেশন কৰা বৰগীতৰে আৰম্ভ হোৱা গাম্ভীর্যপূর্ণ বঁটা প্রদান অনুষ্ঠানটোত আৰম্ভণিতে সাংবাদিক ৰাধিকামোহন ভাগৱতী শ্রদ্ধাঞ্জলি অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে তেওঁৰ জ্যেষ্ঠ পুত্র সত্যজিৎ ভাগৱতীয়ে, সাংবাদিক প্রফুল্ল চন্দ্র বৰুৱাৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে তেওঁৰ জ্যেষ্ঠ পুত্র প্রদীপ বৰুৱাই, সাংবাদিক হৰি বর্মনৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰে তেওঁৰ পুত্র হিৰণ্য কুমাৰ বর্মনে আৰু শ্বহীদ সাংবাদিক মাণিক দেউৰী শ্রদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰে তেওঁৰ জ্যেষ্ঠ ভাতৃ ভৱপ্রসাদ দেউৰীয়ে ৷ উল্লেখ্য যে অজিত কুমাৰ ভূঞা, মুনীন বায়ন, প্রশান্ত ৰাজগুৰু, লংছিং টেৰণ আৰু সূর্য থাওচেনলৈ প্রদান কৰা বঁটাত আছে গামোচা, চেলেং চাদৰ, এৰী চাদৰ, ফুলাম জাপি, শৰাই, মানপত্রৰ লগতে নগদ ১০ হাজাৰ টকা৷

Featured