সদ্য প্ৰকাশিত এন আৰ চি বাতিল কৰক কেন্দ্ৰইঃ মন্ত্ৰী শৰ্মা

সমগ্ৰ দেশৰ বাবে এক ভিত্তিবৰ্ষ হ'ব লাগে

গুৱাহাটী ২০ নৱেম্বৰঃ অসম চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ লগতে অসমতো পুনৰ এন আৰ চিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ লগে লগে অসম চৰকাৰে এই ঘোষণাক আদৰণি জনাইছে। অসম চৰকাৰৰ বিত্ত তথা স্বাস্থ্য লগতে গড়াকপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চি খনক বাতিল কৰিবলৈ আহ্বান জনাইছে।

মন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কয় যে যি খন এন আৰ চি প্ৰকাশ কৰা হৈছিল সেই খন এন আৰ চি কোনো পধ্যেই মানি চলিব নোৱাৰি, কাৰণ যি সকলৰ নাম অন্তৰ্ভুক্ত হ’ব নালাগিছিল সেই সকলৰ নাগৰিকে নিজে নাম অন্তৰ্ভুক্ত কৰিলে। কিন্তু যি সকল লোকৰ নাম অন্তৰ্ভুক্ত হ’ব লাগিছিল সেই সকলৰ নাম অন্তৰ্ভুক্ত নহল। কিন্তু এতিয়া গৃহ মন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশৰ লগতে অসমতো এন আৰ চিৰ প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতে সমগ্ৰ দেশত এটা ভিত্তিবৰ্ষ নিৰূপণ কৰিব লাগে। যদি দেশৰ বাবে ১৯৫১ চন ভিত্তিবৰ্ষ হয় তেতিয়া অসমৰ কাৰণেও ভিত্তিবৰ্ষ এক হ’ব লাগে বুলি শৰ্মাই উল্লেখ কৰে।

cut off yearfresh nrcnrc reject