সমষ্টিত বিধায়ক ঋতুপর্ণৰ প্রৱেশ নিষিদ্ধ ঘোষণা প্রতিবাদকাৰীৰ

নিয়মীয়া বার্তা, ১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে লাহোৱালত শুকুৰবাৰে ১০ হাজাৰ লোকে তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত বিভিন্ন জনগোষ্ঠীয় দল–সংগঠনৰ সহযোগত স্থানীয় ৰাইজৰ অংশগ্রহণেৰে লাহোৱাল ৰে’লগেটৰ সমীপত প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি বিভিন্নজনে কেবৰ বিৰোধিতা কৰিবলৈ গৈ ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

প্রতিবাদী অনুষ্ঠানত অংশগ্রহণ কৰি লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ তথা একালৰ অসম আন্দোলনৰ অন্যতম নেতা জ্যোতিপ্রসাদ দত্তই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে জাতি ধ্বংসৰ ষড়যন্ত্রত লিপ্ত হৈছে বিজেপি শাসিত ৰাজ্য চৰকাৰখন ৷ অনাগত ভৱিষ্যতত লাহোৱাল সমষ্টিবাসীয়ে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় আৰু ইয়াৰ বিৰোধিতাৰে তীব্রতৰ আন্দোলন অব্যাহত ৰাখিব ৷

আনহাতে, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱাকো প্রতিবাদত অংশগ্রহণকাৰী কেইবাগৰাকীও লোকে তীব্র সমালোচনা কৰে ৷ সম্প্রতি গুৱাহাটীত বাহৰ পাতি থকা ঋতুপর্ণ বৰুৱাক লাহোৱালত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰাৰ লগতে সমষ্টিলৈ আহিলেই তেওঁক ওভতাই পঠিওৱা হ’ব বুলিও একাংশ প্রতিবাদকাৰীয়ে মন্তব্য কৰে ৷ উল্লেখ্য যে কাইলৈ লাহোৱাল আঞ্চলিক আছুৰ উদ্যোগত মদাৰখাতত এখন প্রতিবাদী সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

Featured
Comments (0)
Add Comment