সুখচৰত বৈৰিতাৰ পোটক তুলিবলৈ জ্বলালে ঘৰ

৯ গৰু–ছাগলীৰ মৃত্যু, বাইক, নথিসহ পাঁচ লক্ষাধিক টকাৰ ক্ষতিসাধন

নিয়মীয়া বার্তা, ২১ ডিচেম্বৰঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ চৰ আৰাটগ্রাম গাঁৱত বুধবাৰে নিশা কোনো নথকা অৱস্থাত দুজনীয়া দলে অগ্নিসংযোগ কৰাত এটা পৰিয়ালৰ এখন মটৰচাইকেল, ৯টা গৰু আৰু ছাগলীসহ ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় ৷ উল্লেখ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্রায় পাঁচ কিলোমিটৰ নিলগত থকা গাঁওখনৰ বাসিন্দা লাল বাহাদুৰ যোৱা বুধবাৰে নিশা প্রায় ৮ বজাত সপৰিয়ালে ঘৰৰ পৰা প্রায় ডেৰকিলোমিটাৰ নিলগত অনুষ্ঠিত এখন ধর্মীয় সভালৈ যায় ৷ ধর্মীয় সভা সম্পন্ন হোৱাৰ পাছত লোকজন নিশা প্রায় ১ বজাত পৰিয়ালৰ সৈতে পুনৰ ঘৰত আহি উপস্থিত হোৱাৰ লগে লগে ঘৰত দাও দাওকৈ জুই জ্বলি উঠা প্রত্যক্ষ কৰে ৷ ফলত চিঞৰ–বাখৰ কৰিবলৈ ধৰাত ঘটনাস্থলীৰ পৰা পার্শ্বৱর্তী আৰাটগ্রাম গাঁৱৰ নালু শ্বেখ আৰু কালু শ্বেখ নামৰ দুই ভাতৃয়ে বাইক এখনৰ দ্বাৰা পলায়ন কৰা বুলি লাল বাহাদুৰে জানিবলৈ দিয়ে ৷

ইফালে ভাতৃদ্বয়ে পেট্ৰ’ল ঢালি জুই লগাই দিয়া বুলি লোকজন একপ্রকাৰ নিশ্চিত হৈ ঘটনা সংক্রান্তত সুখচৰ থানাত দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে, ঘটনাটোত লোকজনৰ এটা টিনৰ ঘৰ ভস্মীভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা এখন মটৰচাইকেল ভস্মীভূত হয় ৷ একেদৰে ৫টা ছাগলী, ৪টা গৰু মৃত্যুমুখত পৰাৰ লগতে ঘৰৰ ভিতৰত থকা যাৱতীয় নথি–পত্রসহ ৫ লক্ষাধিক টকাৰ ক্ষতি হৈছে ৷ ইফালে, দুর্গম এলেকাত জুই নির্বাপণৰ ব্যৱস্থা নথকাত স্থানীয় ৰাইজে নিজস্ব প্রচেষ্টাৰে জুই নির্বাপণ কৰে বুলি ভুক্তভোগী লাল বাহাদুৰে সাংবাদিকক জানিবলৈ দিয়ে ৷

লক্ষণীয় বিষয় এয়ে যে লোকজনৰ লগত দীর্ঘদিনৰ পৰা নালু শ্বেখ আৰু কালু শ্বেখৰ লগত গুৱাহাটীত ঠিকাক লৈ সংঘাত চলি আছিল ৷ ইয়াক লৈ পূর্বেও দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হৈছিল বুলি স্থানীয় সূত্রে জানিব পৰা গৈছে ৷ ঘটনাৰ প্রকৃত সত্য কি, সেয়া সুখচৰ আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিলেহে পোহৰলৈ আহিব ৷

Comments (0)
Add Comment