সৃজনগ্ৰাম ট্ৰফী ক্ৰিকেট

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ইউনাইটেড হাইস্কুলৰ খেলপথাৰত চলি থকা সৃজনগ্ৰাম ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ শনিবাৰৰ খেলখন ৰাইজিং ষ্টাৰ গুনিয়ালগুৰি আৰু ১১ ষ্টাৰ ডুমুৰীয়াৰ মাজত অনুষ্ঠিত হয়। খেলখনত ১১ ষ্টাৰ ডুমুৰীয়াই প্ৰথমে বেট ধৰি ১১২ ৰানৰ লক্ষ্য বান্ধি দিয়ে । ইয়াৰ বিপৰীতে ৰাইজিং ষ্টাৰ গুনিয়ালগুৰিয়ে দুটা উইকেট হেৰুৱাই ৮.৪ অভাৰত জয়লাভ কৰিবলৈ সক্ষম হয়

Comments (0)
Add Comment