সেনাৰ অমানৱীয় অত্যাচাৰত কৃষকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কৃষকৰ লগত পিষ্টল থকাৰ অপৰাধ আৰু উগ্ৰপন্থী সজাই অকথ্য নিৰ্যাতন সেনাৰ ৷বাক্সাৰ শিমলাস্থিত ৯ নং জাট ৰেজিমেণ্টৰ সেনাৰ দ্বাৰা এই অমানৱীয় কাণ্ড সংঘটিত হৈছে ৷সেনাৰ অকথ্য শাৰীৰিক নিৰ্যাতন সহিব নোৱাৰি অৱশেষত কালেন্দ্ৰ বড়ো নামৰ দুৰ্ভগীয়া কৃষকজনৰ চীপ লৈ আত্মহত্যা কৰিবলৈ বাধ্য হয় ৷ দুদিন পূৰ্বে শিমলাস্থিত সেনাৰ শিবিৰত নি অকথ্য শাৰীৰিক নিৰ্যাতন চলাই মুকলি কৰি দিয়াৰ পিচত আজি তেঁওৰ ঘৰৰ সমীপৰ চুইছ গেটত চীপ লৈ আত্মহত্যা কৰে দুৰ্ভগীয়া কৃষকজনে৷
উল্লেখ্য যে আজি পুনৰ সেনাই কৃষক জনক সেনাৰ শিমলাৰ শিবিৰলৈ লৈ যোৱাৰ কথা আছিল৷
স্মৰ্তব্য-কেইমাহমান পূৰ্বে সেনাৰ জাট ৰেজিমেণ্টে ৫ গৰাকীকৈ যুৱকক বিনা দোষত সেনা শিবিৰলৈ নি অকথ্য নিৰ্যাতন চলাইছিল৷

Comments (0)
Add Comment