স্বাগতম ২০২০ : এই প্ৰজন্মৰ লেখকসকলৰ পৰিকল্পনা কি ?

২০২০ … নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন ।

অসমীয়া সাহিত্যত শক্তিশালীৰূপত ভুমুকি মৰা কেইজনমান নতুন লেখকৰ নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত আপোনালোকলৈ আগবঢ়াইছো এই প্ৰতিবেদন …

  • ৰশ্মিৰেখা ভূঞা, লেখিকা

নতুন বছৰৰ পৰিকল্পনা বুলি ক’লে বহুত পৰিকল্পনাই কৰিবলৈ মন যায় ৷ কিন্তু পৰিকল্পনা কৰিলেইতো নহ’ব, তাক বাস্তৱত ৰূপ দিবও পাৰিব লাগিব ৷ নতুন বছৰৰ আৰম্ভণিতে বহুতেই বহুত পৰিকল্পনা কৰে ৷ ময়ো কৰিছোঁ ৷ গল্প সংকলন এখন কৰাৰ কথা ভাবি আছোঁ ৷ অগতানুগতিক বিষয়বস্তুৰ দুখন উপন্যাসৰ কামো আধা হৈ আছে, সেই দুখনকো এই বছৰতেই আগবঢ়াই নিয়াৰ চিন্তা কৰিছোঁ ৷ চাওঁচোন পৰিকল্পনাবোৰক কিমান দূৰ বাস্তৱত পৰিণত কৰিব পাৰোঁ ৷ সকলোকে ইংৰাজী নতুন বছৰৰ শুভকামনা জনালোঁ ৷ বছৰটোৱে সকলোলৈকে সুখ-শান্তি কঢ়িয়াই আনক ৷

  • শৰ্মিষ্ঠা প্ৰীতম, লেখিকা

দুৰ্মদ গতিৰে পাৰ হৈ গৈছে সময় ৷ অনেক কথা-কাহিনী, অনেক ঘটনা-পৰিঘটনাৰ দস্তাবেজ সামৰি বছৰটোৱে মেলানি মাগিলে ৷ সমুখত ২০২০ চন ৷ কিন্তু এই নতুন বৰ্ষটোৰ আগমনক লৈ আমি ব্যস্ত হ’ব পৰা নাই ৷ আমাৰ মনবোৰ এতিয়া উছাহহীন ৷ ২০১৯ বৰ্ষৰ শেষছোৱাই আমাৰ জাতীয় জীৱনৰ ভেটিত এক প্ৰচণ্ড জোকাৰণি তুলিলে, যাৰ স্পন্দনে আমাৰ গোটেই সমাজখনকে আন্দোলিত কৰি ৰাখিছে ৷ আচলতে ভ্ৰষ্টাচাৰৰ ৰাজনীতিত অতিষ্ঠ আৰু প্ৰতাৰিত জনগণৰ বজ্ৰহুংকাৰে সমগ্ৰ দেশবাসীৰ অন্তৰ ভেদি গৈছে ৷ আমাৰ ব্যক্তিসত্তাও যিহেতু সমাজেৰে অবিচ্ছিন্ন, গতিকে এই অস্থিৰ, অশান্ত, উত্তেজিত আৰু অন্তহীন সংশয়ভৰা সময়বোৰে আমাৰ স্বপ্ন আৰু পৰিকল্পনাৰ কোষবোৰকো অসাৰ কৰিব খুজিছে ৷ কিন্তু সেই অসাৰতাৰপৰা আমাক তুলি ধৰিবলৈয়ো জীৱনৰ অনেক যুক্তি আছে ৷ কোনো অজুহাততে আমি জীৱনক অৱজ্ঞা কৰিব নোৱাৰোঁ ৷ ব্যক্তিসত্তাৰ উত্তৰণ ব্যাহত হোৱা মানে সমাজৰে ক্ষতি ৷ প্ৰত্যেকজন মানুহৰ আত্মোৎকৰ্ষই সাধনাই সমাজক ঋদ্ধ কৰে ৷ সেয়ে দুৰ্যোগ, দুৰ্দিনৰ পীড়া, ক্ষোভ আৰু যন্ত্ৰণাৰ মাজতো আমি আমাৰ দিনপঞ্জীৰপৰা কৰ্ম, স্বপ্ন আৰু পৰিকল্পনাৰ পৃষ্ঠাবোৰ বিসৰ্জন দিব নোৱাৰোঁ ৷

বৰ্তমান এগৰাকী বিনম্ৰ শিকাৰু হিচাপে মই উপন্যাসৰ মাধ্যমত কাম কৰি আছোঁ ৷ এই বছৰটোত মই এখন নতুন উপন্যাসৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ ৷ এই কামটোৰ মাজেৰে আমাৰ আইৰ মুখৰ ভাষাটোৰ প্ৰতিও দায়বদ্ধতা পালনৰ বাবে অধিক মনোযোগী হ’ম ৷ লগতে মই শেহতীয়াকৈ সংগ্ৰহ কৰা কিছু গ্ৰন্থও অধ্যয়ন কৰিম ৷ তদুপৰি মই মোৰ প্ৰতিটো কাম আগতকৈ কিছু উন্নত কৰাৰ চেষ্টা কৰিম, পূৰ্বৰ ভুলবোৰ মনত পেলাই নিজক সংশোধনৰ চেষ্টা কৰিম ৷ দুখদায়ক সময়বোৰকো জীৱনৰ অৱধাৰিত অভিজ্ঞতা বুলিয়েই সহন কৰি যাম, যেনেকৈ ইমানদিনে কৰি গৈছোঁ ৷ সমাজ আৰু মানুহেই যিহেতু মানুহৰ সৃষ্টিশীলতাৰ আধাৰ, গতিকে সমাজৰ সত্য অন্বেষণৰ লগতে মানুহৰ সৈতে আত্মিক নৈকট্য বঢ়াই মানুহক আৰু বেছি বুজিবলৈ চেষ্টা কৰিম ৷

যা হওক, জীৱনৰ এই সৰু সৰু স্বপ্নবোৰৰ লগতে এই নতুন বৰ্ষটোৰ পৰা আমাৰ প্ৰথম প্ৰত্যাশা আমাৰ জাতিৰ অস্তিত্বক বিপদাপন্ন কৰা সমস্ত অপশক্তি নাশ হওক ৷ CAA অৰ্থাৎ “নাগৰিকত্ব সংশোধনী বিধেয়ক” বাতিল হওক ৷ লগতে এইটোও আশা কৰিম— কেৱল ভাষিক পৰিচয়েৰে নহয়, সততা, নিষ্ঠা আৰু কৰ্মমুখী প্ৰৱণতাৰ উত্তৰণেৰে, মানৱিক প্ৰমূল্যৰ কৰ্ষণেৰে নিজৰ অস্তিত্বক সবল কৰি তুলিবলৈ অসমীয়া জাতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হওক ৷

জয় আই অসম ৷ সকলো মানুহলৈ মোৰ অপাৰ শুভকামনা ৷

 

  • চয়নিকা ভূঞা , লেখিকা

এয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় ৷ এই সুযোগতে মই অসমবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভ কামনা জনালোঁ ৷ নতুন বৰ্ষৰ পৰিকল্পনা বুলি ক’বলৈ গ’লে আচলতে চকুৰ আগত বহু পৰিকল্পনাই উবুৰি খাই পৰেহি ৷ তথাপিও তাৰ মাজতে বিশেষ কিছুমান কাম নিৰ্বাচন কৰিব ল’ব লগা সময় আহে ৷ হৃদয়ৰ তাগিদাত ময়ো এই বৰ্ষত হাতত লৈছোঁ এটি বিশেষ কাম ৷

ঘাট-প্ৰতিঘাত, দুখ- যন্ত্ৰণাৰে পৰিপূৰ্ণ জীৱনটোত কেনেকৈনো জীৱন যাত্ৰাত খোজ দিছোঁ সেই অভিজ্ঞতাখিনিকে শব্দৰে মালা গাঁঠো বুলি ভাবিলোঁ ৷ মনত উকমুকাই থকা কথাবোৰৰ লগত শব্দৰ খেল খেলাৰ মানসেৰে আত্মজীৱনীখনত হাত দিলোঁ ৷ চাওঁচোন ঈশ্বৰে যদি দিয়ে, মন-মগজুৱেও যদি মোৰ সৈতে সহযোগ কৰে ভাবিছোঁ এই বৰ্ষতে আপোনালোকৰ হাতত গুজি দিম মোৰ বহু নজনা কথা, নোকোৱা কথাৰে পৰিপূৰ্ণ আত্মজীৱনীখন ৷

  • অংকুৰ ৰঞ্জন ফুকন, ২০১৯ বৰ্ষৰ মুনীন বৰকটকী বঁটা প্ৰাপক

নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ । ২০২০ বৰ্ষত আমাৰ পৰিকল্পনা বুলি কʼবলৈ হʼলে- জীৱন আৰু সাহিত্যৰ প্ৰতি পূৰ্বতকৈ অধিক ইতিবাচক হ’ম । আমাৰ কবিতাৰ উৎকৰ্ষ সাধনৰ কছৰৎ অব্যাহত ৰাখিম । নতুন বছৰত কেইখনমান পঢ়ি ভাল পোৱা কিতাপৰ আলোচনা কৰিম বুলিও ভাবিছোঁ । যদি হৈ উঠেগৈ, দুই এটা গল্পটো লিখাৰ চেষ্টা কৰিম । চিনেমাৰ সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰাৰ ইচ্ছা পুহি ৰাখিছোঁ ।

মুনীন বৰকটকী বঁটাপ্ৰাপ্ত কবিতাপুথি

যুগুতাইছেঃ পাৰ্থৱ শইকীয়া 

ANKUR RANJAN PHUKANCHAYANIKA BHUYANFeaturedRASHMIREKHA BHUYANSARMISTHA PRITAM
Comments (0)
Add Comment