স্বাস্থ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি GNRCৰ প্ৰখ্যাত চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ৰাজ্যত ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বুধবাৰে গুৱাহাটীস্থিত ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । এই বৈঠকতে সচৰাচৰ ৰোগীসকল ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা আৰু চৰকাৰী চিকিৎসালয়ত কেৱল ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীক চোৱাচিতা কৰাৰ বিষয়ো আলোচনা কৰা হয় ।

ইয়াৰ পাছতেই বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই আগবাঢ়ি আহিল প্ৰখ্যাত চিকিৎসক তথা GNRC হাস্পতালৰ স্বত্বাধিকাৰী ডা.নোমল চন্দ্ৰ বৰা। ডা.বৰাই GNRC ৰ অধীনত থকা সকলোবোৰ বিচনা যি কোনো সময়তে চৰকাৰে ব্যবহাৰ কৰিব পাৰিব বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে ডাঃ বৰাই এনে পদক্ষেপ গ্ৰহণ কৰি সকলোকে অনুপ্ৰাণিত কৰাৰ বাবে আগভাগ লৈছে। ইপিনে ব্যক্তিগত খণ্ডৰ অন্যান্য হাস্পতাল/ নাৰ্চিংহোমসমূহেও ডাঃ বৰাৰ দৰে আগবাঢ়ি আহিব বুলি এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে ।

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment