হস্তী-মানৱ সংঘাতঃ ৰংহাঙৰ খেতিপথাৰত অষ্ট্রেলিয়াৰ হস্তী গৱেষক ব্রীট্টেড

হাতী–মানৱৰ সংঘাত ৰোধৰ বাবে লোৱা পন্থাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্রতিশ্রুতি

নিয়মীয়া বার্তা, ৭ ডিচেম্বৰঃ শেহতীয়াকৈ বিদেশী হস্তী গৱেষক, সংৰক্ষক, তথ্যচিত্র নির্মাতা তথা পর্যটকৰ ভিৰ বাঢ়িছে নগাঁও–কার্বি আংলং সীমান্তৱর্তী হাতীখলি–ৰংহাং গাঁৱত৷ প্রসিদ্ধ ফিল্মমেকাৰ মাইক পাণ্ডেৰ পিছত বন্যহস্তীক সুৰক্ষিত কৰাৰ স্বার্থত ৰাইজে কৰা কৃষিৰ বিষয়ে তথ্য সংগ্রহৰ বাবে এইবাৰ উপস্থিত হ’ল হস্তী গৱেষক ব্রীট্টেড ইউড্রা কর্নেটকী নামৰ অষ্ট্রেলিয়াৰ মহিলা এগৰাকী৷ ব্রীট্টেডে বহু বছৰ ধৰি গোলাঘাট, নুমলীগড, গোৱালপাৰা, ৰংজুলি আদি অসমৰ বহুবোৰ অঞ্চললৈ গৈ ৰাজ্যত অব্যাহত থকা হস্তী–মানৱৰ সংঘাত তথা ইয়াৰ কাৰণ সন্দর্ভত গৱেষণাৰ বাবে সমল আহৰণ কৰি আহিছে৷ একে উদ্দেশ্যৰেই ‘হাতীবন্ধু’ আৰু গুৱাহাটীৰ প্রদীপ ভূঞাৰ উদ্যোগত তথা চাপানালাৰ প্রকৃতিপ্রেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবলৈ ৰংহাংবাসীয়ে কৃষি কৰা ২০০ বিঘা মাটিৰ পথাৰখনত উপস্থিত হৈ তথ্য সংগ্রহ কৰে হস্তী গৱেষকগৰাকীয়ে৷ ৰংহাং পথাৰৰ দাঁতিত সকলোকে একত্রিত কৰি সমগ্র কৃষি কার্যটোৰ বিষয়ে সাক্ষাৎকাৰৰ জৰিয়তে বাণীবদ্ধ ৰূপত পুংখানুপুংখভাৱে ব্রীট্টেডে তথ্য সংগ্রহ কৰে৷ ব্রীট্টেডে উপস্থিত ৰাইজক আশ্বাস প্রদান কৰি জনায় যে ৰংহাঙৰ ৰাইজে বনৰীয়া হাতী সুৰক্ষিত কৰিবৰ বাবে হাতত লোৱা অভিনৱ পন্থাক বিশ্ববাসীৰ আগত দাঙি ধৰিব পৰাকৈ সমগ্র বিষয়টো স্পষ্টভাৱে উল্লেখ্য কৰিব তেওঁৰ গৱেষণা–পত্রখনত৷ লগতে চৰকাৰ সদিচ্ছা আৰু বন বিভাগৰ প্রত্যক্ষ সহযোগিতা থাকিলে ৰাজ্যৰ বন্যহস্তী–মানুহৰ সংঘাত জর্জৰিত অঞ্চলৰ ৰাইজে দুলু বৰাই দেখুওৱা অভিনৱ পন্থাৰে কৃষি কৰিলে নিশ্চয় সুফল লাভ কৰিব পৰা যাব বুলি অতিশয় আশাবাদী বিদেশী হস্তী গৱেষক ব্রীট্টেড ইউড্রা কর্নেটকী ৷

Comments (0)
Add Comment