হাইক’টৰ দ্বাৰস্থ হ’ব দোষীৰ পৰিয়ালবর্গ, কার্বি সংগঠন

ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্য কঁপোৱা কার্বি আংলঙৰ ডিফুত সংঘটিত হোৱা ঝংকাৰ হত্যাকাণ্ডৰ গোচৰত আদালতে ১২জনকৈ অভিযুক্তক দোষী সাব্যস্ত কৰে৷ আদালতৰ এই ৰায়ত দোষীৰ পৰিয়ালৰ লগতে কেইবাটাও সংগঠনে অসন্তুষ্টি প্রকাশ কৰিছে৷ দীর্ঘদিন ধৰি শুনানিৰ অন্তত যোৱা ২৪ ফেব্রুৱাৰীত ডিফু জিলা–সত্র ন্যায়ালয়ৰ ন্যায়াধীশ আমিৰ উদ্দিন আহমেদৰ আদালতে গোচৰৰ চূড়ান্ত শুনানি গ্রহণ কৰি ১৬জন অভিযুক্তৰ চাৰিজনক দোষমুক্ত কৰাৰ বিপৰীতে ১২জনক দোষী সাব্যস্ত কৰে৷ এই ৰায়দানক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে দোষীৰ পৰিয়ালৰ লগতে কেইবাটাও সংগঠনে৷ বুধবাৰে দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি দোষীৰ পৰিয়ালৰ হৈ ৰাজু দেউৰীয়ে কয় যে ন্যায়ালয়ৰ প্রতি তেওঁলোকৰ সম্পূর্ণ বিশ্বাস আৰু আস্থা আছে৷ কিন্তু ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ গোচৰ সন্দর্ভত ডিফু জিলা–সত্র ন্যায়াধীশৰ ৰায়দানত তেওঁলোক মুঠেও সন্তুষ্ট নহয়৷ প্রকৃত দোষীক চিনাক্তকৰণত আৰক্ষীৰ ভূমিকালৈ আঙুলি টোঁৱাই তেওঁ আৰু কয় যে আৰক্ষীয়ে দাখিল কৰা ঘটনাৰ ভিডি’অ ফুটেজকে ধৰি অন্যান্য তথ্য–প্রমাণত আসোঁৱাহ আছে৷ সেয়েহে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি তেওঁ উল্লেখ কৰে৷ অৱশ্যে গোচৰ সন্দর্ভত অহা ২৮ ফেব্রুৱাৰীত শাস্তি ঘোষণাৰ পাছতহে পর্যায়ক্রমে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সদৰী কৰে৷ উল্লেখ্য যে ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰত মাত্র দহ টকাৰ বাবে অটোচালকৰ সৈতে ঝংকাৰ শইকীয়াৰ সংঘাত হৈছিল৷ ইয়াৰ পৰিণতিত এচামে ঝংকাৰ শইকীয়াক নির্মমভাৱে প্রহাৰ কৰি হত্যা কৰিছিল৷ ঘটনা সন্দর্ভত ডিফু থানাত ৰুজু হোৱা ৯৫/২০১৩নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে দুজন আৰক্ষীসহ মুঠ ১৬জন লোকক অভিযুক্ত কৰি চার্জশ্বীট দাখিল কৰিছিল৷ সুদীর্ঘ সাত বছৰ ধৰি চলা শুনানিৰ অন্তত জিলা–সত্র ন্যায়াধীশৰ আদালতে চাৰিজনক দোষমুক্ত কৰি ১২জনক দোষী সাব্যস্ত কৰে৷ অৱশ্যে অহা ২৮ ফেব্রুৱাৰীতহে আদালতে দোষীসকলৰ শাস্তি ঘোষণা কৰিব৷ আজিৰ সংবাদ মেলত এআইকেএছইউৰ সম্পাদক বিক্রম হাঞ্চে, এএএছকেএছইউৰ সভাপতি ৰতন কছাৰী, এএডিএছইউৰ সভাপতি প্রাঞ্জল দেউৰী, এএএইচএছইউৰ সভাপতি সঞ্জীৱ হাজং, জিজিকেএছএৰ সভাপতি বি ইংতিকে ধৰি দোষী সাব্যস্ত হোৱা ছাৰছিং টেৰণৰ মাতৃ অম্ফু টেৰণ, হিতেশ ৰাভাৰ ভাতৃ বীৰেন ৰাভা উপস্থিত থাকে৷ উল্লেখ্য যে যোৱা ২৪ ফেব্রুৱাৰীত ডিফু সত্র ন্যায়াধীশৰ আদালতে বিশ্বজিৎ হাঞ্চে, হিতেশ ৰাভা, বিক্রম তিছ’, ৰবীনছন টেৰণ, মংগলছিং ৰংফাৰ, জোনছিং টেৰণ, ছাৰছিং টেৰণ, সঞ্জয় ৰংফাৰ, ছাৰলমকি তেৰাং, ইউনুছ তেৰাং, ফিলিপছন তেৰাং আৰু বিমাং তেৰাঙক দোষী সাব্যস্ত কৰে৷ ইপিনে, আজি বিয়লি ডিফুত পৃথকে পৃথকে সংবাদ মেল সম্বোধন কৰি অসন্তুষ্টি ব্যক্ত কৰে কেএছএ, জাকাছ, এইচটিএল, কেএছইউ, কেএছৱাইচি, কেএফএ, কেএৱাইএ আদি সংগঠনসমূহৰ নেতৃত্বই৷ কার্বি ছাত্র সন্থাৰ সভাপতি ছেমিয়ন ৰংফাৰে কয় যে প্রকৃত দোষীসকল বর্তমানেও মুকলি আকাশৰ তলত বিচৰণ কৰি থকাৰ বিপৰীতে দোষী সাব্যস্ত হোৱা ১২গৰাকী ব্যক্তি ভিডি’ ফুটেজত নাই৷ বিভিন্ন সময়ত কার্বি ছাত্র সন্থাই ঝংকাৰ হত্যাকাণ্ডত জড়িত প্রকৃত দোষীসকলক আইনগতভাৱে শাস্তি দিয়াৰ দাবী উত্থাপন কৰি অহা বুলি উল্লেখ কৰি সভাপতি ৰংফাৰে কয়– ঝংকাৰৰ পিতৃ–মাতৃয়ে উচিত ন্যায় পোৱাটো কার্বি ছাত্র সন্থাই কামনা কৰে৷ ডিফুৰ লামডিং ৰোডস্থিত কার্বি ছাত্র সন্থাৰ কার্যালয়ত কেএছএ, কেএডব্লিউজেএফ আৰু ইউকেডব্লিউএ শীর্ষক সংগঠনকেইটাই যৌথ সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত কেএছএৰ সভাপতি ৰংফাৰে কয় যে ঝংকাৰ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি লাভ কৰাটো তেওঁলোকেও বিচাৰে যদিও যোৱা ২৪ ফেব্রুৱাৰীত ডিফু সত্র ন্যায়াধীশৰ আদালতে প্রদান কৰা ৰায়ক লৈ তেওঁলোক সন্তুষ্ট নহয়৷ কিয়নো উক্তদিনা কৰা ৰায়দান অনুসৰি দোষী সাব্যস্ত হোৱা লোককেইজন ঝংকাৰ আক্রমণৰ ঘটনাত উপস্থিত থকাৰ কোনো প্রমাণ ভিডি’ ফুটেজত দেখিবলৈ পোৱা নাই৷ ইয়াৰ বিপৰীতে উক্ত হত্যাকাণ্ডৰ ঘটনাৰ প্রকৃত দোষী আজিও মুকলি আকাশৰ তলত বুলি ছাত্র নেতাগৰাকীয়ে অভিযোগ কৰে৷ আনহাতে, জিলাখনৰ সদৰত নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা অৱস্থাত এনে এক কাণ্ড কেনেকৈ সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰি এইক্ষেত্রত আৰক্ষীৰ ভূমিকাক লৈও আঙুলি টোঁৱায় ছাত্র নেতাগৰাকীয়ে৷ আনপিনে, কার্বি ছাত্র সন্থাৰ (ইংলংফ’) কার্যালয়ত জাকাছ, কেএছইউ, কেএছৱাইচি, কেএফএ, কেএৱাইএ আদি সংগঠনৰ নেতৃত্বই আন এখন সংবাদ মেল আয়োজন কৰি আদালতৰ ৰায়দানক লৈ সংগঠনসমূহ আৰু অভিযুক্তৰ পৰিয়ালবর্গ অসন্তুষ্ট বুলি ব্যক্ত কৰে৷ বিশেষকৈ ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত দোষী সাব্যস্ত কৰা কার্যত অসন্তুষ্ট সংগঠনকেইটাৰ লগতে আদালতে দোষী সাব্যস্ত কৰা ব্যক্তিসকলৰ পৰিয়ালবর্গ৷ জাকাছৰ সভাপতি খৰছিং টেৰণে সাংবাদিকক উদ্দেশ্যি কয় যে উক্ত ৰায়দান অনুসৰি ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ৩৪১, ৩২৩ আৰু ৩০২ তথা আৰডব্লিউ ১৪৯ ধাৰাৰ অধীনত ১২জন লোকক দোষী সাব্যস্ত কৰা হৈছে৷ আদালতৰ এনে ৰায়দান সন্দর্ভত দোষী সাব্যস্ত হোৱাসকলৰ পৰিয়াল আৰু সংগঠনসমূহৰ অসন্তুষ্টিৰ কাৰণ ব্যাখ্যা কৰি কয় যে উক্ত ঘটনাৰ সময়ত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰা অনুসৰি কোনো অপৰাধ সংঘটিত হোৱা নাছিল৷ সেয়েহে সত্র ন্যায়াধীশৰ আদালতে প্রদান কৰা উক্ত ৰায়দানৰ বিপৰীতে গোচৰটোত দোষী সাব্যস্ত হোৱাসকলৰ পৰিয়াল অচিৰেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ‘জাকাছ’ৰ সভাপতিগৰাকীয়ে সদৰী কৰে৷ অৱশ্যে ন্যায়ালয়ৰ ওপৰত সম্পূর্ণ আস্থা থকা বুলি মন্তব্য কৰি অহা ২৮ ফেব্রুৱাৰীৰ শাস্তিৰ ম্যাদ ঘোষণাৰ সময়ত আদালতে নকৰা দোষৰ বাবে যাতে কোনো লোকে শাস্তি লাভ নকৰে তাৰ প্রতি লক্ষ্য ৰাখিব বুলি আশা প্রকাশ কৰে৷

Comments (0)
Add Comment