হাজোৰ ৰাইজে মোক এৰি নিদিয়েঃ সুমন হৰিপ্ৰিয়া

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ এইবাৰ গায়িকা ৰূপত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। অসম প্ৰদেশ বিজেপিৰ আহ্বান মৰ্মে হাজোৰ সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আইদেউৰ বুলনি অনুষ্ঠানৰ জৰিয়তে মহিলা সকলক একত্ৰিত কৰাৰ লগতে মহিলা সকলৰ প্ৰতিভা বিকাশৰ এখন সুকীয়া মঞ্চ বুলি মন্তব্য কৰে বিধায়িকা গৰাকীয়ে । ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে আইদেউৰ বুলনি অনুষ্ঠান মুকলি কৰে হৰিপ্ৰিয়াই । তাৰ পিছতেই দুটা গানৰ কলি গুণগুণাই বিধায়িকা গৰাকীয়ে। বিধায়িকা গৰাকীয়ে ইয়াৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ এক কুচকাৱাজ বুলিও ইংগিত দিয়ে । এইবাৰো হাজোৰ ৰাইজে সুমন হৰিপ্ৰিয়াক বিধায়ক হিচাপে বিছাৰিছে বুলি বিধায়িকা গৰাকীয়ে দাবী কৰে । ইয়াৰ পিছতে আইতী সকলৰ মাজত অনুষ্ঠিত হয় দিহানাম প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত কেইবাটাও মহিলা নাম দলে যোগদান কৰে ।

Comments (0)
Add Comment