হিংসাত্মক প্ৰতিবাদত জড়িত যুৱ কংগ্ৰেছৰ সভাপতি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ গুৱাহাটীত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ আঁৰত কংগ্ৰেছ জড়িত , ভিডিঅ’ প্ৰমাণসহ কংগ্ৰেছীয়ে সংঘটিত কৰা এই হিংসাত্মক কাৰ্য তুলি ধৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি কেববিৰোধী হিংসাত্মক আন্দোলনত কিদৰে কোন জড়িত হৈছিল সেয়াও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, জনতা ভৱনৰ সন্মুখত হোৱা হিংসাত্মক প্ৰতিবাদ আৰু বাহনত অগ্নিসংযোগ কৰা ঘটনাত জড়িত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ ভিডিঅ’ প্ৰমাণো তুলি ধৰে মন্ত্ৰী ড০ শৰ্মাই । আছুকে ধৰি অন্যান্য সংগঠনে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদৰ সলনি একাংশই কেৱল জনতা ভৱনলৈ প্ৰতিবাদকাৰীক আমন্ত্ৰণ জনাইছিল আৰু ফেচবুকৰ জৰিয়তে পোহৰলৈ অহা সেইসমূহ প্ৰতিবাদকাৰী যে কংগ্ৰেছৰ আঙুলিৰ ঠাৰত চালিত হৈছে সেয়াও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ বাবে ইতিমধ্যে ডিআইজি মৃদুলানন্দ শৰ্মাৰ নেতৃত্বত এছআইটি গঠন কৰা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । হিংসাত্মক ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ১০৭ জনৰ ভিতৰত ৮৪ জনেই হৈছে গুৱাহাটীৰ বাহিৰৰ লগতে তদন্তৰ সম্পূৰ্ণ দায়িত্ব ল’বৰ বাবে নিয়া অথবা চিবিআইৰ বিষয়া বিচৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

Featured
Comments (0)
Add Comment