১০০ কোটি টকাৰ দুৰ্নীতি এনআৰচি উন্নীতকৰণৰ নামতঃ আছাম পাব্লিক ৱৰ্কছ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ এন আৰ চি নতুন সমন্বক হিতেশ দেৱ শৰ্মাক সাক্ষাৎ আছাম পাব্লিক ৱৰ্কছৰ নেতৃত্বৰ। সংগঠনৰ নেতা অভিজিত শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৫ টা ছফটৱেৰ কোম্পানীয়ে ১০০তাকৈ অধিক ছফটৱেৰ বনাইছে আৰু গোটেই প্ৰক্ৰিয়াটোত জালিয়তি সংঘটিত কৰিছে । সন্দেহযুক্ত প্ৰায় ৭০ ৰ পৰা ৮০ লাখ বাংলাদেশী নাগৰিক এন আৰ চিত সন্নিৱিষ্ট কৰিলে আৰু সেইসকলক ভাৰতীয় কৰা হৈছে। ৫টা ছফটৱেৰ কোম্পানীৰ বিৰোধে তথ্যপ্ৰযুক্তিৰ বিশেষজ্ঞৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী কৰে। লগতে নাগৰিকপঞ্জী উন্নতিকৰণত প্ৰতীক হাজেলাই ১০০কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

Comments (0)
Add Comment