১০ টকা দিয়ক দুটা পিঁয়াজ লওক

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ সাধাৰণতে পিঁয়াজ কাটিলে চকুপানী উলাই যদিও এতিয়া চেঞ্চুৰী কোবোৱা ৰঙা পিঁয়াজৰ দামে চকুপানী উলিয়াইছে সৰ্বসাধাৰণ লোকৰ । ৰঙা পিঁয়াজে ৰাজ্যত শতকৰ ঘৰ চোৱাৰ সময়তে মঙলদৈৰ এখন বজাৰত কেজি হিচাপত বিক্ৰী হোৱাৰ পৰিৱৰ্তে যোৰা হিচাপত বিক্ৰী হৈছে ৰঙা পিঁয়াজ । য’ত কণী বিক্ৰী কৰাৰ দৰেই খুছুৰা ব্যৱসায়ীয়ে যোৰা পাতি বিক্ৰী কৰিছে পিঁয়াজ । ইপিনে উপায়ন্তৰ হৈ গ্ৰাহকেও বাজেট মিলাই যোৰা হিচাপতে ক্ৰয় কৰিছে ১০ টকীয়া দুটা পিঁয়াজ । বৰ্তমান এই খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মঙলদৈত ।

Featured