১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব মেট্ৰিক আৰু হাই-মাদ্ৰাছা পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩লাখ ৫৭হাজাৰ পৰীক্ষাৰ্থী। বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষাকেন্দ্ৰত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচিটিভি থকাটো বাধ্যতামূলক বুলি সদৰী কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে। আনহাতে ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হৱ ব্যবহাৰিক বিষয়সমূহৰ পৰীক্ষা। মাঘ বিহুৰ পূৰ্বে প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ প্ৰৱেশ পত্ৰ সমূহ প্ৰেৰণ কৰা হৱ বুলিও মন্তব্য কৰে ছেবাৰ অধ্যক্ষ জৈনে।

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা