১৩ জানুৱাৰীত বিধানসভাৰ বিশেষ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসম বিধান সভাৰ এখন বিশেষ অধিৱেশন অহা ১৩ জানুৱাৰীত অনুষ্ঠিত হ’ব । ৰাজ্যপাল জগদীশ মুখীয়ে এক অধিসূচনাযোগে এই কথা জনাইছে ।

অহা ১৩ জানুৱাৰীৰ পুৱা ৯.৩০ বজাৰ পৰা এই বিশেষ অধিৱেশন চলিব৷

জানিব পৰা মতে, ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত আলোচনাৰ বাবে বিধানসভাৰ এই বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু এ আই ইউ ডি এফ দলে সুকীয়া সুকীয়াকৈ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীক সাক্ষাৎ কৰি ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতি আলোচনাৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কৰে৷ পৰৱর্তী পর্যায়ত বিধানসভাৰ অধ্যক্ষ গোস্বামীয়ে বিষয়টো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অৱগত কৰে৷

Featured
Comments (0)
Add Comment