১৪ দিনৰ বাবে ছীল স্পেনিছ গাৰ্ডেন; মুঠ ১১১ জন ব্যক্তিক কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ মনীষ তিব্ৰেৱাল, নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ নোলোৱাকৈয়ে ক’ৰোনাত আক্ৰান্ত হৈছে । যাৰ পাছতে ১৪ দিনৰ বাবে ছীল কৰা হৈছে স্পেনিছ গাৰ্ডেন।

এপাৰ্টমেণ্টটোলৈ অহা-যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে এপাৰ্টমেণ্টটোত যোগান ধৰিব খাদ্যৰ। তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা মুঠ ১১১ জন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে। এই কথা সংবাদমেলত ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে যোৱা ১ মাৰ্চ তাৰিখে গুৱাহাটীলৈ উভতি আহিছিল মনিষ তিব্ৰেৱাল । কিন্তু এই কথাই এটা সন্দেহৰ উদ্দেগ কৰে যে তেওঁ গুৱাহাটীত থকা অৱস্থাত যাৰ লগত কথা বতৰা পাতিছিল, বজাৰ-সমাৰ কৰিছিল বা যাৰ সংস্পৰ্শলৈ আহিছিল তেনেকুৱা কোনোবা আন এগৰাকী লোকৰ দেহত ক’ৰোনা সংক্ৰমণ আছিল, যাৰ বাবে তিব্ৰেৱাল আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে বুলি ড০ শৰ্মাই মন্তব্য কৰে । লগতে তিব্ৰেৱালৰ ১ মাৰ্চৰ ট্ৰেভেল হিষ্টৰী থকাৰ বাবে ২৮ দিন পাছত কেনেদৰে তেওঁ দেহত ক’ৰোনাৰ সংক্ৰমণ ঘটিল তাৰো পৰ্যব্যক্ষণ কৰি থকা হৈছে বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়।

ইয়াৰোপৰি স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই কয় এপাৰ্টমেণ্টটোৰ কোনো লোকেই চিকিৎসা সম্পৰ্কীয় সেৱাৰ বাহিৰে বাহিৰলৈ ওলাই নাহিবলৈ বা কোনো লোকেই স্পেনিছ গাৰ্ডেনৰ ভিতৰলৈকে নাযাবলৈ আহ্বান জনায় । কাৰণ স্পেনিছ গাৰ্ডেন মহানগৰীৰ মাজভাগত অৱস্থিত, যদি সেইস্থানৰ পৰা সংক্ৰমণ হয় তেন্তে সেই সংক্ৰমণে ডাঙৰ ৰূপ ল’ব পাৰে ।

উল্লেখ্য যে শনিবাৰে পুৱাই প্ৰশাসনে এপাৰ্টমেণ্টটোৰ চৌহদত ছেনিটাইজ কৰে ।

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment