১৭ ডিচেম্বৰত গুৱাহাটীত বিগ বি-শচীন-লাৰা-কপিল

অসমত প্ৰথমবাৰৰ বাবে দেশৰ আগশাৰীৰ ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান ট'ইছা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অহা ১৭ ডিচেম্বৰত গুৱাহাটীত সমাহাৰ ঘটিব দেশ তথা বিভ্বৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ মহাতাৰকাৰ । পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত একেলগে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উজ্জল নক্ষত্ৰ, প্ৰখ্যাত ব্যক্তিসকল সমৱেত হ’ব । দেশৰ আগশাৰীৰ ক্ৰীড়া বঁটা টাইমছ অৱ ইণ্ডিয়া স্প’ৰ্টছ এৱাৰ্ড চমুকৈ ট’ইছা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ক্ৰীড়া আু সাংস্কৃতিক খণ্ডৰ মহীৰূহ তথা বৰণ্য ব্যক্তিসকল সমৱেত হ’ব । উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰ অসমত ট’ইছা বঁটা প্ৰদান অনুষ্ঠিত হ’ব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ প্ৰচেষ্টাত অহা ১৭ ডিচেম্বৰত গুৱাহাটীত এই বঁটা প্ৰদান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে । এই বঁটা প্ৰদান অনুষ্ঠানত বিগ বিৰ ওপৰি ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, কপিল দেৱ, সৌৰভ গাংগুলী, ব্ৰায়ান লাৰা, শ্বাটলাৰ পি ভি সিন্ধুকে ধৰি বহুকেইগৰাকী খেলুৱৈৰ সমাহাৰ ঘটিব ।

Featured