১৯৮৩ৰ ভাতৃঘাতী সংঘর্ষত নিহত পুত্রৰ মাতৃৰ কৰুণ অৱস্থাঃ জুপুৰিত দুর্বিষহ জীৱন তিলেশ্বৰী দাসৰ

নিয়মীয়া বার্তা, ১০ ডিচেম্বৰঃ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু সর্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে জাতিদ্রোহী নাগৰিকত্ব সংশোধনী আইন ২০১৬ গৃহীত কৰি লাখ লাখ বিদেশীক সংস্থাপন দিয়াৰ পূর্ণ প্রস্তুতি চলোৱাৰ সময়তে গহপুৰত ১৯৮৩ চনৰ ভাতৃঘাতী সংঘর্ষত নিহতৰ মাতৃয়ে এটুকুৰা ভূমি, এখন ঘৰ আৰু অন্ন–বস্ত্রৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে ৷ গহপুৰ নগৰৰ ৫নং ৱার্ডৰ কলেজগুৰিত এখন জৰাজীর্ণ, বিধ্বস্ত টিনৰ চালিত বসবাস কৰি থকা এইগৰাকী বয়োজ্যেষ্ঠ মহিলা হৈছে তিলেশ্বৰী দাস ৷ স্বামী, একমাত্র পুত্রৰ সৈতে সুখৰ সংসাৰ থকা তিলেশ্বৰী দাসৰ একমাত্র পুত্র বাবা ১৯৮৩ চনত গহপুৰত সূত্রপাত ঘটা ভাতৃঘাতী সংঘর্ষত নিহত হৈছিল ৷ মাতৃ তিলেশ্বৰীয়ে একমাত্র পুত্র নিহত হোৱাৰ খবৰ লাভ কৰিবলৈ সক্ষম হ’ল যদিও পুত্রৰ মৃতদেহৰ কোনো সম্ভেদ লাভ নকৰিলে ৷ উক্ত শোকাৱহ ঘটনাৰ কেইবছৰমান পাছতে ৰোগত আক্রান্ত হৈ মৃত্যু ঘটিল দুর্ভগীয়া মহিলাগৰাকীৰ স্বামী তুলসী দাসৰ৷ স্বামীৰ ৰোগৰ চিকিৎসা কৰাৰ নামতে তিলেশ্বৰীয়ে ঘৰ–মাটি–ভেটি সকলো বিক্রী কৰিও স্বামীক আৰোগ্য কৰিব নোৱাৰিলে ৷ পুত্র–স্বামীৰ মৃত্যুৰ পাছত সম্পূর্ণ নিঠৰুৱা হৈ পৰিল তিলেশ্বৰী৷ স্থানীয় একাংশ ৰাইজে দুর্ভগীয়া মহিলাগৰাকীক থাকিবলৈ সুবিধা কৰি চৰকাৰী ভূমিতে এখন টিনৰ চালি সাজি দিছিল যদিও বর্তমান চালিখনৰো অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷ বর্তমান ৬৮ বছৰ অতিক্রম কৰা তিলেশ্বৰীয়ে দুবছৰমান আগলৈকে লোকৰ ঘৰত কাম–বন কৰি দুবেলা–দুমুঠি খাইছিল যদিও বর্তমান বার্ধক্যজনিত কাৰণত খুজি–মাগি অথবা কাৰোবাৰ অনুগ্রহত যেনে–তেনে জীৱন নির্বাহ কৰিব লগা হৈছে ৷ ১৯৮৩ চনৰ ভাতৃঘাতী সংঘর্ষৰ বলি হৈ একমাত্র পুত্রক হেৰুওৱা মহিলাগৰাকীয়ে আজিপর্যন্ত লাভ নকৰিলে চৰকাৰী সা–সুবিধা ৷ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি লাখ লাখ বিদেশী শৰণার্থীক অসমত সংস্থাপিত কৰাৰ ক্ষেত্রত দৃঢ় পদক্ষেপ গ্রহণ কৰিছে যদিও তিলেশ্বৰী দাসৰ দৰে বহু বয়োজ্যেষ্ঠ, দুর্ভগীয়া পৰিয়ালক সংস্থাপনৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ নকৰাত বিষয়টোৱে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷

Featured
Comments (0)
Add Comment