২০২৪ চনৰ লোকসভা নির্বাচনৰ ৰণডংকা বজাবলৈ সাজু বিজেপি; ৭ অক্টোবৰত বিশাল কার্যকর্তা সন্মিলন

৭ অক্টোবৰত ৪০ হাজাৰ কার্যকর্তাক লৈ বিশাল কার্যকর্তা সন্মিলন

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ:  ২০২৪ চনৰ লোকসভা নির্বাচনৰ আগতীয়াকৈ ৰণডংকা বজাবলৈ সাজু হৈছে শাসকীয় বিজেপি৷ উত্তৰ–পূবত দলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে ইতিমধ্যে সাংগঠনিক কাম–কাজ ক্ষিপ্র কৰি তোলা বিজেপিয়ে এইবাৰ অসমত লোকসভাৰ আসন ১২খনলৈ বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ ২০১৯ চনত পৰাজয়বৰণ কৰা কলিয়াবৰ, নগাঁও আৰু বৰপেটা আসন তিনিখন নিজৰ দখললৈ অনাৰ বাবে সূক্ষ্ম ৰণকৌশল প্রস্তুত কৰা ৰাজ্যিক বিজেপিৰ এনে প্রস্তুতি অধিক সক্রিয় কৰাৰ বাবে অহা ৮ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ ইয়াৰ পূর্বে ৭ অক্টোবৰত দলীয় কাম–কাজ পর্যালোচনাৰ বাবে গুৱাহাটীলৈ আহিব দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ মুখ্যতঃ দলৰ দুই শীর্ষ নেতাৰ আগমনক লৈ এতিয়া ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক তৎপৰতা৷ এই দুয়োজন শীর্ষ নেতাৰ উপস্থিতিতে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এক বিশাল কার্যকর্তা সন্মিলন৷

দলৰ ৪০ হাজাৰ কার্যকর্তা উপস্থিত থাকিব লগা এই বিশাল সভাৰ জৰিয়তে কার্যতঃ শাসকীয় দলটোৱে লোকসভা নির্বাচনৰ বাবে ৰণডংকা বজাব৷ ৮ অক্টোবৰত অনুষ্ঠিত হ’ব লগা বিশাল কার্যকর্তা সন্মিলন সন্দর্ভত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র তথা সাংসদ কামাখ্যা প্রসাদ আছাই জানিবলৈ দিয়া মতে বিশাল কার্যকর্তা সন্মিলনত উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ ৪০খন সাংগঠনিক জিলা, ৪০০টা মণ্ডল আৰু ৬,৫০০টা শক্তি কেন্দ্রৰ বিষয়ববীয়াসকল৷ তদুপৰি দলৰ ৮টাকৈ মর্চাৰ সভাপতি–সম্পাদকস আৰু ২৮ হাজাৰ বুথৰ সভাপতি–সম্পাদকস উপৰি পৃষ্ঠাপ্রমুখসকল৷ সাংসদ তাছাৰ মতে ৪০ হাজাৰ দলীয় কার্যকর্তাৰ উপস্থিতি নিশ্চিত কৰা হৈছে৷ কার্যকর্তা সন্মিলনত গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ মন্ত্রী, বিধায়ক, সাংসদসকল৷ ইফালে, ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে ৰাজ্যিক বিজেপিৰ সভাপতি সলনি হ’ব বুলি চলা চর্চা আজি এক বিবৃতিযোগে নসাৎ কৰিছে সাংসদ তাছাই৷ সভাপতি ভৱেশ কলিতাক ৰাজ্যিক সভাপতিৰ পদৰ পৰা আঁতৰোৱাৰ কোনো চিন্তা–চর্চা হোৱা নাই বুলি মুখপাত্রজনে স্পষ্ট কৰাৰ লগতে উল্লেখ কৰিছে যে দলৰ ৰাষ্ট্রীয় নেতৃত্বই ৰাজ্যিক সভাপতি সলনিৰ কোনো ইংগিত প্রদান কৰা নাই৷ ইয়াৰ বিপৰীতে ভৱেশ কলিতাৰ নেতৃত্বতে দলীয় সাংগঠনিক কাম–কাজ আগুৱাই নিয়াৰ বাবে ৰাষ্ট্রীয় নেতৃত্বই নির্দেশ দিছে৷