২৮,৩২৭ বর্গ কিলোমিটাৰলৈ বৃদ্ধি অসমৰ বনাঞ্চল

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰ । অসমত বৃদ্ধি পাইছে বনভূমি ।

সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে উন্মোচন কৰা ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট, ২০১৯ শীৰ্ষক প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজ্যৰ বাবে এই সুখবৰ ।

উল্লেখ্য যে প্ৰতি দুই বছৰৰ ব্যৱধানত কেন্দ্ৰীয় চৰকাৰে দেশৰ বনাঞ্চলৰ জৰীপ কৰে৷ লক্ষণীয়ভাৱে ২০১৭ চনৰ অন্তিমটো জৰীপত দেখা গৈছিল অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰৰ ভিতৰত ২৮,১০৫ বর্গ কিলোমিটাৰ আছিল বনভূমি৷ পিছে চলিত বছৰৰ জৰীপত দেখা গ’ল ৰাজ্যৰ মুঠ বনভূমিৰ মাটিকালি বৃদ্ধি পালে ২৮,৩২৭ বর্গ কিলোমিটাৰ৷ অর্থাৎ যোৱা দুই বছৰত ৰাজ্যৰ বনাঞ্চল বৃদ্ধিৰ পৰিমাণ হৈছে ২২২ বর্গ কিলোমিটাৰ৷ শতাংশৰ হিচাপত এই বৃদ্ধিৰ পৰিমাণ হৈছে ০.৭৯ শতাংশ৷

কোৱা হৈছে অসমৰ মুঠ মাটিকালিৰ ৩৬.১১ শতাংশ হৈছে বনভূমি৷ পিছে প্রকৃতিপ্রেমীসকলৰ বাবে এক দুখজনক খবৰো আছে৷ সেয়া হৈছে ৰাজ্যৰ তিনিখন পাহাৰী জিলাত হ্রাস পাইছে বনাঞ্চলৰ পৰিমাণ৷ কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ মুঠ মাটিকালি ১৯,২৯৫ বর্গ কিলোমিটাৰৰ ভিতৰত ২০১৭ চনতকৈ ৯৬ বর্গ কিলোমিটাৰৰ বনভূমি হ্রাস পাইছে৷ এতিয়া জিলা তিনিখনৰ মুঠ বনভূমিৰ পৰিমাণ হৈছে ১৩,০০৭ বর্গ কিলোমিটাৰ৷ যি হৈছে জিলা তিনিখনৰ মুঠ মাটিকালিৰ ৬৭.৪১ শতাংশ৷

মন কৰিবলগীয়া যে অসমত বনাঞ্চল বৃদ্ধি পালেও সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ বনাঞ্চল হ্রাস পাইছে৷ অসম আৰু ত্রিপুৰাক বাদ দিলে আন ছখন ৰাজ্যৰ বনভূমি হ্রাস পোৱাটো যথেষ্ট উদ্বেগৰ বিষয় হিচাপে ‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ট, ২০১৯’ শীর্ষক প্রতিবেদনত চিহ্ণিত হৈছে৷

Comments (0)
Add Comment