২৯ ডিচেম্বৰত শুৱালকুছিত বিজেপিৰ ‘শান্তি সমদল’

অংশ ল’ব মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী লগতে অন্যান্য নেতাই

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ দেশত ৰাষ্ট্রীয় নাগৰিকত্ব আইন গৃহিত হোৱাৰ পিছত অসমত সৃষ্টি হোৱা অশান্তি দূৰীকৰণৰ বাবে অসমত এক শান্তি স্থাপনৰ বাবে শাসকীয় দলে অসমৰ বিভিন্ন প্রান্তত উলিয়াব শান্তি সমদল ৷ অহা ২৯ ডিচেম্বৰত শুৱালকুছিতো শাসকীয় দলে অনুষ্ঠিত কৰিব শান্তি সমদল ৷ সেইদিনা দিনৰ ১১ বজাত শুৱালকুছিৰ ঐতিহাসিক গান্ধী ময়দানৰ পৰা আৰম্ভ হৈ বংশৰ মিনি ষ্টেডিয়ামত সামৰণি পৰিবলগীয়া শান্তি সমদলত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা প্রমুখ্যে অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্রী আৰু বিধায়কে অংশগ্রহণ কৰিব ৷ এই সন্দর্ভত মঙলবাৰে শুৱালকুছি মণ্ডল বিজেপিৰ অন্তর্গত আঠখন পঞ্চায়তৰ কর্মকর্তাসকলৰ লগত স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক আলোচনাত মিলিত হৈ শান্তি সমদলটো সফলতাৰে অনুষ্ঠিত কৰাত কর্মীসকলৰ পূর্ণ সহযোগ বিচাৰে ৷ সমদলত অকল জালুকবাৰী সমষ্টিৰ ৰাইজেহে অংশ ল’ব বুলি জানিব দি অংশগ্রহণকাৰীসকলে সমদলত সম্পূর্ণ মৌনতা অৱলম্বন কৰিব লাগিব বুলি অৱগত কৰে ৷ সমদলত সকলোকে শান্তিপূর্ণ আৰু সুশৃংখলভাৱে ভাগ ল’বলৈ সকলোকে তেওঁ আহ্বান জনায় ৷ আলোচনাৰ সময়তেই মন্ত্রীগৰাকীয়ে অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন সর্বাংগসুন্দৰ হ’ব আৰু পৰৱর্তী দিনত সাহিত্য সভাই এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা কৰে ৷ সমষ্টিটোৰ প্রতিগৰাকী ব্যক্তিক সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত দেহে–কেহে লাগিবলৈ তেওঁ অনুৰোধ কৰে ৷ শুৱালকুছিৰ অধিৱেশনে অসমৰ সাহিত্য সংস্কৃতিৰ পথাৰখন অধিক মজবুত কৰি তোলক তাৰ বাবে আমি সকলোৱে কামনা কৰা উচিত বুলি মন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ আলোচনাত মণ্ডল বিজেপিৰ কেইবাগৰাকী কর্মকর্তা উপস্থিত থাকে ৷

Featured
Comments (0)
Add Comment