৩১ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ ক’লা দিন

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ অসমৰ জনসাধাৰণৰ প্রতিবাদক নেওচি কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) আইন শীঘ্রে কার্যকৰী কৰিবলৈ তৎপৰ হোৱা কার্যত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে সদৌ অসম কর্মচাৰী পৰিষদৰ প্রতিনিধিত্বমূলক সভাই৷ গুৱাহাটীত অনুষ্ঠিত হোৱা পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সমিতি, জিলা কর্মচাৰী পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক আৰু সন্থা, সংঘৰ সভাপতি–সম্পাদকসকলৰ উপস্থিতিত প্রতিনিধিত্বমূলক সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ নামত সমগ্র অসমত একাংশই হিংসাত্মক কার্যত লিপ্ত হোৱাৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰা কার্যৰ তীব্র বিৰোধিতা কৰে আৰু ভৱিষ্যতৰ দিনত তেনে কার্যৰ পৰা আঁতৰি থাকি অহিংস আৰু গণতান্ত্রিকভাৱে সংগ্রাম আগুৱাই নিয়াৰ বাবে সকলোলৈ আহ্বান জনায়৷ সেইদৰে চৰকাৰে একাংশ নিৰীহ লোকক আইন অমান্য কৰাৰ নামত মিছা অভিযোগেৰে অভিযুক্ত কৰি জে’ললৈ প্রেৰণ কৰা কার্যৰো সমালোচনা কৰে আৰু শীঘ্রে মুকলি দিয়াৰ দাবী জনায়৷ বাতৰি কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত পৰিষদৰ সভাপতি বাসৱ চন্দ্র কলিতা আৰু সম্পাদকপ্রধান ফকৰ উদ্দিন আহমেদে কয় যে ২০১৯ চনটোত কেন্দ্রীয় চৰকাৰে সংসদত ‘কেব’ পাছ কৰি ‘কা’ কৰাৰ মুহূর্তত অসমৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিলে৷ প্রতিবাদীৰ মাজৰ পৰা পাঁচজনকৈ শ্বহীদ হ’ল৷ জাতিধ্বংসী আইনে অসমৰ ভাষা–সংস্কৃতিত বিৰূপ প্রভাৱ পেলাব৷ সেয়ে ২০১৯ চনৰ ৩১ ডিচেম্বৰৰ শেষ দিনটো পৰিষদে ক’লা দিন হিচাপে ঘোষণা কৰিছে আৰু সিদিনা কর্মচাৰীসকলক ক’লা বেজ পৰিধান কৰি কার্যালয়ত উপস্থিত থাকি প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে৷ সদৌ অসম ছাত্র সন্থাই আহ্বান দিয়া সকলো কার্যসূচীত জিলা কর্মচাৰী পৰিষদসমূহে প্রতিনিধিত্বমলূকভা সহযোগ কৰিবলৈও আহ্বান জনায়৷
কর্মচাৰী পৰিষদৰ বার্ষিক অধিৱেশন তিনিচুকীয়াত
অসমৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা ৯, ১০ আৰু ১১ জানুৱাৰীত তিনিচুকীয়া জিলা কর্মচাৰী পৰিষদৰ আমন্ত্রণ ক্রমে তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম কর্মচাৰী পৰিষদৰ ৩৬ সংখ্যক বার্ষিক অধিৱেশনৰ কার্যসূচী কিছু সালসলনি কৰি সীমিতভাৱে উক্ত তাৰিখত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অধিৱেশনৰ সময়ছোৱাৰ এদিন আগত আৰু এদিন পিছলৈ বন্ধৰ নিচিনা কার্যসূচী নল’বলৈ সংশ্লিষ্ট অসমৰ সকলো দল–সংগঠনলৈ সদৌ অসম কমর্চাৰী পৰিষদ আৰু তিনিচুকীয়া জিলা কর্মচাৰী পৰিষদৰ ফালৰ পৰা বিনম্র অনুৰোধ জনাইছে৷

Comments (0)
Add Comment