৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ সোমবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন । ১৯৭২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে আজি ৪৮ বছৰত ভৰি দিলে । প্ৰিয় শিল্পীজনৰ জন্মদিনটোৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীসকলে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ। লগতে সোমবাৰে পুৱাই জুবিনৰ খাৰঘুলিৰ বাসগৃহত শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ভিৰ কৰা দেখা গ’ল অগণন অনুৰাগীক ।

উল্লেখ্য যে এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা হিচাপে সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা মুক্তি লাভ কৰিছিল ১৯৯২ চনত । যাৰ পাছৰ পৰাই জুবিন পেছাদাৰী সংগীত জগতখনৰ সৈতে জড়িত হৈ পৰে। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰা জুবিনে হিন্দীৰ য়া আলি গীতটোৰ বাবে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰে । ইয়াৰোপৰি “Echoes of Silence” (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।

FeaturedZUBEEN GARG