৫টাকৈ সোণৰ পদকৰে উদ্ভাসিত জলপৰী শিবাংগী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়াত অসমবাসীক ৫টা সোণৰ পদক উপহাৰ দিলে জলপৰী হিচাপে খ্যাত শিবাংগীয়ে শৰ্মাই। অসমৰ ক্ৰীড়া জগতৰ অন্য় এক প্ৰতিভা শিবাংগীয়ে খেলো ইণ্ডিয়াত ইটোৰ পিছত সিটো সোণ বুটলিবলৈ সক্ষম হৈছে। ৮০০ মিটাৰ, ৪০০মিটাৰ, ২০০,১০০ আৰু ৫০ মিটাৰ ফ্ৰী-ষ্টাইল সাঁতোৰত ৫টাকৈ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে শিবাংগী। নতুন দিল্লীৰ বাল ভাৰতী প্লাবিক স্কুলৰ একাদশ মানৰ ছাত্ৰী শিবাংগী। সাঁতোৰৰ জৰিয়তে বিশ্বজয়ৰ সপোন দেখা শিবাংগীয়ে আৰু সফলতা কামনা কৰিছে সকলোৱে। খেলো ইণ্ডিয়াৰ সফলতাৰ পাছত শিবাংগীৰ এতিয়া লক্ষ্য এছিয়ান গেমছ আৰু অলিম্পিক। অত্যন্ত মেধাবী শিবাংগীয়ে সাঁতোৰৰ উপৰিও সত্ৰীয়া নৃত্য আৰু আবৃত্তিও অতি সুন্দৰকৈ কৰিব পাৰে।

      উল্লেখ্য যে শিবাংগীয়ে ব্যক্তিগত হিচাপে ৫টা সোণ আৰু দলত ২টা ৰূপ অৰ্থাৎ ৭টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

জলপৰী শিবাংগী
Comments (0)
Add Comment