৫১ বছৰীয়া হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা.. উপচি পৰিল শুভেচ্ছা

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আজি অসমৰ বিত্ত তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। আজি ৫১ বছৰ বয়সত ভৰি দিছে ড০ শৰ্মাই। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাকে ধৰি দেশৰ বহু কেইজন নেতাই মন্ত্ৰী জনক টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

জন্ম দিন উপলক্ষে বহুসংখ্যক শুভাকাংক্ষীয়ে মন্ত্ৰী গৰাকীৰ বাস ভৱনত উপস্থিত হৈ কেক কাটি জন্ম দিন উদযাপন কৰে। মন্ত্ৰী জনক জন্মদিনত এজন শুভাকাংক্ষীয়ে হেংদাং উপহাৰ প্ৰদান কৰে । মন্ত্ৰী গৰাকীয়ে টুইট যোগে প্ৰকাশ কৰে এই কথা ।
আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ড০ শৰ্মাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে ড০ শৰ্মাৰ সুস্বাস্থ্যৰ লগতে দেশক নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই যাবৰ বাবে কামনা কৰে।

Featured
Comments (0)
Add Comment