৫৮০ কোটিৰে ৰাজ্যত নিৰ্মাণ হৈ আছে ৫৮খন ষ্টেডিয়ামঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই আনি অচিৰেই তিনিখনকৈ বৃহৎ ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰিলে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। খেলো ইণ্ডিয়া ২০২০ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ক্রীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যত ৫৮খন ষ্টেডিয়াম নির্মাণৰ কাম ৰাজ্যৰ ভিন্ন প্রান্তত চলি আছে৷ প্রতিখন ষ্টেডিয়ামৰ বাবে ১০ কোটি টকাকৈ মুঠ ৫৮০ কোটি টকা ব্যয়েৰে এই ষ্টেডিয়ামসমূহ নির্মাণ কৰা হ’ব৷ ইতিমধ্যে তিনিখন বৃহৎ ষ্টেডিয়াম ক্রমে শুৱালকুছি, ডিব্রুগড় আৰু লখিমপুৰত নির্মাণ কৰি থকা হৈছে৷ এই ষ্টেডিয়ামকেইখন নির্মাণ হ’লে গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্রান্ততো ক্রীড়াৰ পৰিৱেশ যথেষ্ট উন্নত হ’ব৷ আনহাতে, খেলো ইণ্ডিয়া, ২০২০ত ঘৰুৱা দল হিচাপে অসমে উন্নত প্রদর্শন কৰিব বুলি আশা প্রকাশ কৰি মন্ত্রীগৰাকীয়ে এই প্রতিযোগিতাত অসমৰ খেলুৱৈয়ে সোণৰ পদক পালে এক লাখ টকাকৈ দিব বুলিও ঘোষণা কৰে৷

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
Comments (0)
Add Comment