৭০০ খন মাৰ্চিডিজে কি কৰিব গুৱাহাটীত

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ অবিশ্বাস্য! আপুনি ভাবিব পাৰে নে ৭০০ খন মাৰ্চিডিজ গুৱাহাটী মহানগৰৰ ৰাজপথত! এই বিলাসী মাৰ্চিডিজক লৈ গুৱাহাটী মহানগৰখনত সৃষ্টি হৈছে তীব্ৰ উৎসুকতা। কিহৰ বাবে ৭০০ খন মাৰ্চিডিজ গুৱাহাটীত।
দৰাচলতে ফেব্ৰুৱাৰীৰ মধ্যভাগত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ এৱাৰ্ড। ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত আহিবলগা বলিউদৰ তাৰকা সকলৰ বাবেহে মাৰ্চিডিজ গাড়ী কেইখন অনা হৈছে। ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে মুম্বাইস্থিত ইভেণ্ট মেনেজমেণ্ট গ্ৰুপক দায়িত্ব প্ৰদান কৰা হৈছে। যাৰ বাবে ইভেণ্ট মেনেজমেণ্ট গ্ৰুপটোৱে গুৱাহাটীলৈ আনিব ৭০০ খন মাৰ্চিডিজ।

Featured
Comments (0)
Add Comment