‘ৰাজপথত আন্দোলন কৰিলেই সুৰক্ষিত নহয় জাতি’ – মুখ্যমন্ত্ৰী

কেব বিৰোধী দল-সংগঠনক মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ “ৰাজপথত আন্দোলন কৰিলেই সুৰক্ষিত নহয় অসমীয়া জাতি। অসমীয়া জাতিৰ ক্ষতি কৰিব পৰা কাম এইখন চৰকাৰে নকৰে ।”- ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে দেওবাৰে এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

“কৰ্মই সাধনা, কৰ্তব্যই ভগৱান ।” কাম নকৰি কেৱল আন্দোলন বা প্ৰতিবাদ কৰি থাকিলেই অসমত পৰিৱৰ্তন আহিব নোৱাৰে বুলি প্ৰতিবাদকাৰীসকলক কটাক্ষ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে তেওঁ কৰ্ম-সংস্কৃতিৰ প্ৰতি অধিক মনোযোগ দি সকলোকে নিজৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰ যাত্ৰাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । ইপিনে ৰাজপথত আন্দোলন কৰিলেই জাতীয় স্বাৰ্থ সুৰক্ষিত নহয়, ইয়াৰ বাবে নিজ নিজ কৰ্মভূমিত নিস্থা আৰু সততাৰে কৰ্ম-সংস্কৃতিক আত্মনিয়োগ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । আনহাতে আমাৰ চৰকাৰে কোনোদিনে জাতিক ক্ষতি কৰা কাম কৰা নাই আৰু নকৰে বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Featured
Comments (0)
Add Comment