ৰাজপথত কিয় তীক্ষ্ণদৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

১৬কোটি ব্যয়ৰে নিৰ্মাণ হ'ব চেঞ্চৰ

কাজিৰঙা, ২১ নবেম্বৰঃ কাজিৰঙাত অধিক সক্ৰিয় হৈ উঠিছে বন বিভাগ। ৰাজপথত তীক্ষ্ণদৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। উদ্যানখনৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড চালকক নাকী লগাবলৈ কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। বন বিভাগে শেহতীয়াকৈ গ্ৰহম কৰা ব্যৱস্থাত পথছোৱাত ঘণ্টাত ৪০কিঃমিঃতকৈ অধিক বেগত গাড়ী চলালে গম নোপোৱাকৈ সাঙুৰ খাব বন্যপ্ৰাণী আইন উলংঘাৰ অভিযোগত। জৰিমনা ভৰিব লাগিব ৫হাজাৰ টকা। কিয়নো উক্ত পথটোত বন বিভাগে স্থাপন কৰিব কেমেৰা। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬টা স্থানত সংযোগ কৰা কেমেৰাত বন্দী হ’ব প্ৰতিখন যান-বাহনৰ গতিবেগ। আৰু যান-বাহনসমূহৰ গতিবেগ পৰ্যবেক্ষণ কৰা হ’ব কম্পিউটাৰাইজ ছিচেষ্টমত। গতিকে ঘণ্টাত ৪০কিঃমিঃতকৈ অধিক বেগত চলা যান-বাহনৰ তথ্য বন বিভাগে দাখিল কৰিব পৰিবহন বিভাগক আৰু পৰিবহন বিভাগে এই বাহনসমূহৰ পৰা জৰিমনা সংগ্ৰহ কৰি মা দিব লাগিব বন বিভাগক। বাগৰি বনাঞ্চলৰ অধীনত

৩৭নং ঘাইপথৰ কাঞ্চনজুৰি এনিমেল কৰিডৰত এনে ব্যবস্থা আছে যদিও সেয়া যথেষ্ঠ নহয় বুলি মত প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে। ইতিমধ্যে ৩৭নং ৰাষ্ট্ৰীয় পথটোত থকা পাণবাৰী, হালধিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, আমগুৰি, হাতীদণ্ডী, দেওচুৰ আৰু চিৰাঙকে ধৰি মুঠ নটা এনিমেল কৰিড’ৰৰ ভিতৰত পাণবাৰী,হালধিবাৰী,আমগুৰি, দেওচুৰ এনিমেল কৰিড’ৰৰ দুটা দুটা স্থানত চেঞ্চৰ অৰ্থাৎ কেমেৰা সংস্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি জানিব দিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকগৰাকীয়ে

বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে পদক্ষেপ