ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি

গণৰাজ্য দিৱসলৈ মাজত মাথোঁ দুটা দিন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত। গণৰাজ্য দিৱসলৈ মাজত মাথোঁ দুটা দিন আৰু এইবাৰ দেশে উদযাপন কৰিব ৭১সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ লগতে মহানগৰীতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যবস্থা। যিকোনো কূটাঘাত ৰুধিবলৈ সক্ষম মহানগৰ আৰক্ষী প্ৰশাসন। সমান্তৰালকৈ চলিছে পেৰেডৰ অনুশীলন। মহানগৰীৰ খানাপাৰা খেলপথাৰত অসম আৰক্ষীকে ধৰি ২১টা গোটে অনুশীলন চলাই আছে লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে পেৰেডৰ অনুশীলনত। উল্লেখযোগ্য যে এইবাৰ পেৰেডৰ অনুশীলনত মিজোৰাম আৰক্ষীৰ এটা দলেও অংশগ্ৰহণ কৰিব সেয়ে মিজোৰাম আৰক্ষীৰ দলটোৱেও অনুশীলন চলাই আছে খানাপাৰা খেলপথাৰত।

পূৰ্বৰ দৰে এইবাৰো খানাপাৰা খেলপথাৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। সমগ্ৰ খেলপথাৰত খনত সংস্থাপিত কৰা হৈছে ৪০টা CCTV কেমেৰা। কোনো ধৰণৰ কূটাঘাত যাতে সংঘটিত নহয় তাৰ প্ৰতি সষ্টম হৈ আছে মহানগৰ প্ৰশাসন। 

 

গণৰাজ্য দিৱস
Comments (0)
Add Comment