ৰাজ্যজুৰি প্ৰতিবাদঃ আৰক্ষীৰ লাঠীচালনা, গুলীবৰ্ষণ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ । সোমবাৰে লোকসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাচতে এতিয়া উত্তপ্ত হৈ পৰিছে অসম । সমান্তৰালকৈ গুৱাহাটীত প্ৰতিবাদ অব্যাহত ৰাখিছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণজনে । বুধবাৰে গুৱাহাটী মহানগৰীৰ মাজেৰে এক প্ৰতিবাদ সমদল বাহিৰ কৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই । মূলতঃ দিছপুৰলৈ বুলি ওলোৱা এই সমদল ৰোধিবলৈ আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি আগবাঢ়ি যায় সমদল ।

উল্লেখ্য যে, এই সমদল জি এছ ৰোডৰ খ্ৰীষ্টানবস্তিত আহি উপস্থিত হোৱাৰ পিচতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰাৰ লগতে শূন্যলৈ গুলীবৰ্ষণ কৰে । ইয়াৰ পাচতেই প্ৰতিবাদকাৰী সকলে সেই স্থান ত্যাগ কৰে যদিও পুনৰ প্ৰতিবাদকাৰী সকলে সমদল কৰি অব্যাহত ৰাখিছে কেব বিৰোধী প্ৰতিবাদ ।

গুৱাহাটী মহানগৰীৰ লগতে এতিয়া উজনিৰ পৰা নামনিলৈ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জনতাই কেব বাতিলৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ । পথ অৱৰোধ, প্ৰতিকৃতি দাহ ,ধৰ্মঘট , জোঁৰ সমদলৰ মাজেৰে ক্ষোভিত জনগণে প্ৰদৰ্শন কৰিছে গণতান্ত্ৰিক অধিকাৰ আঁজুৰি অনাৰ সংগ্ৰাম ।

Featured
Comments (0)
Add Comment