ৰাজ্যজুৰি সৰ্বাত্মক বন্ধ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাচতেই এতিয়া আন্দোলন আৰু প্ৰতিবাদত উত্তাল হৈ পৰিছে অসম । মঙলবাৰে নেছ’ৰ উদ্যোগত আৰু আছু সহযোগত আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ কাৰ্যসূচীৰ মাজতে ৰাজ্যৰ ঠায়ে ঠায়ে দেখা গ’ল প্ৰতিবাদকাৰীৰ বিক্ষোভ ।

টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদ মিছিল বাহিৰ কৰিছে প্ৰতিবাদকাৰী সকলে । মহানগৰী গুৱাহাটীতো পৰিলক্ষিত হৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ । গুৱাহাটীৰ ভিন্ন প্ৰান্ত প্ৰতিবাদকাৰী সকলে যানবাহন চলাচলত বাধা প্ৰদান কৰাৰ লগতে বাহিৰ কৰিছে বিশাল সমদল । আজিৰ এই বন্ধৰ কাৰ্যসূচীলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে সমৰ্থন আগবঢ়াইছে প্ৰতিটো জাতীয়-জনগোষ্ঠীয় সংগঠনে ।

Featured
Comments (0)
Add Comment