ৰাজ্যত কোনে চলাইছে কয়লা ছিণ্ডিকেট?

বন বিভাগৰ জ্ঞাতসাৰে চলিছে নেকি ছিণ্ডিকেট

 

নতুন দিল্লী, ২২ নবেম্বৰঃ ৰাজ্যত অব্যাহত আছে কয়লা ছিণ্ডিকেট। বন বিভাগৰ জ্ঞাতসাৰেই চলি আছে এই বেহা। লোকসভাত এই কথা স্পষ্ট হল পৰিবেশ মন্ত্ৰী বাবুলৰ ভাষ্যত। কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰিয়ৰ মতে উজনি অসমৰ ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা ছখনকৈ সংৰক্ষিত বনাঞ্চলত এতিয়াও চলি আছে অবৈধ কয়লা খনন। অবৈধ খননথলী চিহ্নিত হোৱা এই সংৰক্ষিত বনাঞ্চলসমূহ হৈছে নামফাইৰ ২নং কম্পাৰ্টমেণ্ট, টিংকাপানী, টিপং, টিৰাপ, লেখাপানী, আৰু চালেকীৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল। কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰিয়ই আজি লোকসভা মজিয়াত প্ৰকাশ কৰা মতে অসম চৰকাৰেই কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ক অবৈধ কয়লা খননৰ সন্দৰ্ভত বিস্তাৰিত তথ্য প্ৰদান কৰিছে। লক্ষণীয়ভাৱে মুঠ ৬খন সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননৰ কথা ৰাজ্য চৰকাৰেই কেন্দ্ৰক অৱগত কৰিছে যদিও সুনিৰ্দিষ্টকৈ তিনিখন বনাঞ্চলত চলি থকা অবৈধ কাৰ্যকলাপৰ বিস্তাৰিত তথ্য প্ৰদান কৰিছে। লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে কেন্দ্ৰক অৱগত কৰাৰ মতে অবৈধ কয়লা খননৰ লগত হেনো কোনো জড়িত নহয় কোনো বন বিষয়া। কেবল দায়িত্ব পালনত গাফিলতি কৰি থকা বাবে একাংশ বন বিষয়াৰ বিৰুদ্ধে একাংশ বন বিষয়াৰ বিৰুদ্ধে ব্য়বস্থা গ্ৰহণ কৰা হৈছে। আনহাতে কয়লা খননকাৰ্য প্ৰতিৰোধৰ বাবে কি ব্যবস্থা গ্ৰহণ কৰিছে সেইকথাও সদনত উত্থাপন কৰে সুপ্ৰিয়ই।

কয়লা ছিণ্ডিকেট