ৰাজ্যসভালৈ নিৰ্বাচিত হৈয়ে ইউডিএফক প্ৰশংসা অজিত ভূঞাৰ 

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে বুধবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল তিনি প্ৰাৰ্থী ক্ৰমে ভুবনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু বিশ্বজিত দৈমাৰী ।বুধবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ ডেকাই তিনিওগৰাকী প্রার্থীকে বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰি প্রমাণ–পত্র প্রদান কৰে ৷

ৰাজ্যসভালৈ নির্বাচিত হৈ সাংসদ হোৱাৰ পাছতে জ্যেষ্ঠ সাংবাদিক, লেখক অজিত কুমাৰ ভূঞাই বুধবাৰে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ প্রশংসাত পঞ্চমুখ হৈ পৰে ৷ বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত অজিত কুমাৰ ভূঞাই কয়– জাতীয় জীৱনৰ সমস্যা সন্দর্ভত এ আই ইউ ডি এফৰ সমর্থন আছে ৷ এ আই ইউ ডি এফে অসম চুক্তিৰ বিৰোধিতা কৰা নাই ৷ বিজেপিয়ে ভিত্তিবর্ষ ১৯৭১ চনৰ কথা কৈ এতিয়া হিন্দুত্ববাদী ৰাজনীতিৰ স্বার্থত ১৯৫১ চনৰ কথা কৈছে ৷ সেইদৰে এন আৰ চি উন্নীতকৰণৰ সমর্থন কৰা এ আই ইউ ডি এফ দলটোৱে কিন্তু নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতা কৰিছে ৷ বিজেপিয়ে অসম চুক্তি উলংঘা কৰিছে ৷ এ আই ইউ ডি এফে উলংঘন কৰা নাই ৷ সেয়ে ৰাজ্যসভাৰ নির্বাচনত মই এ আই ইউ ডি এফৰ সমর্থন লৈছোঁ ৷

ভূঞাই পুনৰ কয়– ৰাজ্যসভালৈ বিৰোধীৰ উমৈহতীয়া প্রার্থী হিচাপে বিনাপ্রতিদ্বন্দ্বিতাৰে মই নির্বাচিত হোৱাটো বিগত চাৰি বছৰত ধনবল, বাহুবল থকা বিজেপিৰ বিৰুদ্ধে প্রথমটো বিজয় ৷ বিধায়ক কিনা–বেচাত বিজেপিৰ অংক নিমিলা বাবে মোৰ জয় নিশ্চিত হ’ল ৷ ৩৫ বছৰ ধৰি সাংবাদিকতা কৰাৰ পাছত ৰাইজৰ হেঁচাত সংসদীয় ৰাজনীতিত যোগদান কৰিলোঁ বুলি উল্লেখ কৰি ভূঞাই কয়– পূর্বতে যেতিয়াই চৰকাৰৰ দৃষ্টিত অপৰাধী হৈ গ্রেপ্তাৰ হৈছোঁ, প্রতিবাৰে মোলৈ ৰাজনীতিত অংশগ্রহণ কৰাৰ প্রস্তাৱ আহিছিল ৷ সেই প্রস্তাৱ গ্রহণ কৰা নাছিলোঁ ৷ শেহতীয়াভাৱে বিৰোধীৰ উমৈহতীয়া প্রস্তাৱ অহাৰ পূর্বে ৰাজ্যসভালৈ যোৱাৰ প্রস্তাৱ আহিলে, সেয়া অগ্রাহ্য নকৰিবলৈ মোক বিভিন্নজনে আহ্বান জনাইছিল ৷ সেই কথা ভাবিয়ে জাতিৰ এক গুৰুত্বপূর্ণ সন্ধিক্ষণৰ সময়ত কংগ্রেছ–এ আই ইউ ডি এফৰ প্রস্তাৱমর্মে ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ ৷ আনহাতে, বিজেপিৰ সাম্প্রদায়িক স্থিতি, গণতন্ত্র ৰক্ষা, সংবিধানৰ প্রশ্ণ আৰু ধর্মনিৰপেক্ষতা ৰক্ষাৰ ক্ষেত্রত কেতিয়াও আপোচ কৰা নাই আৰু নকৰোঁ বুলি অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ৷

তেওঁ লগতে কয়– ‘য’তেই সুযোগ পাইছোঁ, তাতেই ‘কা’ৰ বিৰোধিতা কৰিছোঁ, সংগ্রাম কৰিছোঁ ৷ এতিয়া নির্দিষ্ট বাধ্য–বাধকতাৰ মাজত থাকি সংসদৰ মজিয়াত ‘কা’ৰ বিৰোধিতা কৰিম ৷’ আনহাতে কংগ্রেছ, এ আই ইউ ডি এফ প্রধান বিৰোধী ৰাজনৈতিক দল বুলি উল্লেখ কৰি অজিত কুমাৰ ভূঞাই কয় যে ২০২১ চনত বিৰোধী ঐক্যবদ্ধ হ’ব লাগে বিজেপিক প্রতিহত কৰিবলৈ ৷ বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যবদ্ধ হৈ নির্বাচনত যুঁজাৰ বাহিৰে গত্যন্তৰ নাই ৷ তদুপৰি কমন মিনিমান এজেণ্ডাত বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ যুক্তি নাই ৷ তদুপৰি বিজেপিৰ বাবে এ আই ইউ ডি এফ যি, মোৰ বাবে সেয়া নহয় বুলিও ভূঞাই মন্তব্য কৰি এ আই ইউ ডি এফৰ প্রশংসাত পঞ্চমুখ হৈ পৰে ৷

ইফালে বিগত সময়ত কংগ্রেছ চৰকাৰৰ শাসনকালত বহুবাৰ অত্যাচাৰৰ সন্মুখীন হৈছিলোঁ যদিও প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনত অত্যাচাৰৰ সন্মুখীন হোৱা নাই বুলি কয় অজিত কুমাৰ ভূঞাই৷ উল্লেখ্য যে অসম নাগৰিক সমাজৰ ভাৰপ্রাপ্ত সভাপতি অজিত কুমাৰ ভূঞাক আজি নাগৰিক সমাজৰ উপ–সভাপতি প্রশান্ত ৰাজগুৰু, সাধাৰণ সম্পাদক পৰেশ মালাকাৰে কয়– ‘কা’বিৰোধী আন্দোলনত আৰু নাগৰিক সমাজৰ প্রতিনিধি হিচাপে এই সময়ত অজিত কুমাৰ ভূঞা ৰাজ্যসভালৈ নির্বাচিত হোৱাটো আমাৰ লগতে অসমৰ কাৰণে অতি গুৰুত্বপূর্ণ ৷ আমি তেওঁক অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ দিল্লীত সদনৰ বাহিৰে–ভিতৰে তেওঁ ‘কা’বিৰোধী স্থিতি উত্থাপন কৰিব ৷

Featured
Comments (0)
Add Comment