ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ; ক’ত হ’ব নতুন কাৰ্যালয়টো !

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বুধবাৰে স্থাপন কৰা হ’ল ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটীৰ বশিষ্ঠত ৰাজ্যিক বিজেপিৰ এই বিলাসী আৰু ব্যয়বহুল নতুন মুখ্য কাৰ্যালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে । ইপিনে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী নৱ কুমাৰ দলে, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বিধায়ক নোমল মমিনৰ লগতে বিজেপিৰ বহু কৰ্মকৰ্তা ।

আনহাতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই নিৰ্মিয়মান কাৰ্যালয়গৃহটোৰ নিৰ্মাণৰ কাম সম্পন্ন হ’ব বুলি জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ আৰ্হিত নিৰ্মাণ হ’বলগীয়া ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়াৰ নামেৰকে নামাকৰণ কৰা হ’ব ।

Assam BJP headquarter at BasisthaBJPCM Sarbananda SonowalFeatured