ৰাজ্যৰ আৰক্ষী–প্রশাসনত সালসলনি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসম চৰকাৰে সোমবাৰে ৰাজ্যিক প্রশাসনৰ লগতে আৰক্ষী প্রশাসনত কিছু সালসলনি ঘটাইছে৷ পার্ছনেল বিভাগে এক নির্দেশযোগে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আৰু অসম প্রশাসনীয় ট্রিবিউনেলৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাক অতিৰিক্তভাৱে বিত্ত, ভূমি সংৰক্ষণ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে৷

ইপিনে, গৃহ বিভাগে এক নির্দেশযোগে মুখ্যমন্ত্রীৰ সুৰক্ষা শাখাত সংলগ্ণ হৈ থকা অভয়াপুৰীৰ অষ্টম অসম আৰক্ষী বেটেলিয়নৰ সহঃধিনায়ক অঞ্জন পণ্ডিতক পদোন্নতিসহ কোকৰাঝাৰৰ চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক হিচাপে বদলি কৰা  হৈছে৷

যোৰহাটৰ উপ–আৰক্ষী অধীক্ষক ইন্দ্র চেতিয়াক ডিব্রুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাপে পদোন্নতিসহ বদলি কৰা হৈছে৷ লিগিৰীপুখুৰীস্থিত ২৫ এ পি (অ’ এন জি চি) বেটেলিয়নৰ ডি এছ পি প্রফুল্ল সোণোৱালক বেটেলিয়নটোৰ দ্বিতীয় অধিনায়ক হিচাপে বদলি কৰা হৈছে৷

মুখ্যমন্ত্রীৰ সুৰক্ষা শাখাত সংলগ্ণ হৈ থকা এ চি পি কান্তেশ্বৰ গগৈক অতিৰিক্ত আৰক্ষী অধীক্ষক পর্যায়লৈ পদোন্নতি দি নতুন দিল্লীৰ আছাম হাউছ, আছাম ভৱনৰ দায়িত্ব দিয়া হৈছে৷ ধেমাজিৰ লিকাবালিস্থিত ২২ এ পি (আই আৰ) বেটেলিয়নৰ ডি এছ পি পুজেশ্বৰ দলেক পদোন্নতিসহ জামুগুৰিহাটৰ ১২ এ পি বি এনৰ দ্বিতীয় অধিনায়ক হিচাপে বদলি কৰা হৈছে৷

বিশেষ শাখাৰ ( এছ অ’ ইউ) ডি এছ পি জিতেন শইকীয়াক পদোন্নতিসহ ১৫ এ পি (আই আৰ) বেটেলিয়নৰ দ্বিতীয় অধিনায়ক হিচাপে বদলি কৰা  হৈছে৷ কোকৰাঝাৰৰ ডি এছ পি বাবুল চন্দ্র নাথক হাউলীৰ চতুর্থ এ পি টি এফৰ দ্বিতীয় অধিনায়ক হিচাপে পদোন্নতিসহ বদলি কৰা হৈছে৷

উত্তৰ লখিমপুৰৰ ডি এছ পি হৰেন গগৈক ১৩ এ পি বি এনৰ দ্বিতীয় অধিনায়ক হিচাপে বদলি কৰা  হৈছে৷ মান্দাকাটাৰ কমাণ্ডো বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক গিয়াছউদ্দিন আহমেদক বেটেলিয়নটোৰ দ্বিতীয় অধিনায়ক হিচাপে পদোন্নতি দিয়া হৈছে৷

পাণবাৰীস্থিত ২০ এ পি (আই আৰ) বেটেলিয়নৰ ডি এছ পি ইমতাজ মহম্মদ ইমামীক পদোন্নতিসহ গোৱালপাৰাৰ ডাকুৰভিটাস্থিত প্রথম এ পি টি এফ বেটেলিয়নৰ দ্বিতীয় অধিনায়কৰ দায়িত্ব দিয়া হৈছে৷

দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ব্রজেন বৰাক অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বিশেষ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ বিশেষ শাখাৰ ডি এছ পি ভূপেন্দ্র কুমাৰ নাথক মানকাচৰৰ ২৬ এ পি (আই আৰ) বেটেলিয়নৰ দ্বিতীয় অধিনায়ক হিচাপে পদোন্নতিসহ বদলি কৰা  হৈছে৷

ASSAM POLICEFeatured
Comments (0)
Add Comment