ৰাজ্যৰ সকলো জিলাৰ স্বাস্থ্য বিষয়াসকলৰ সৈতে বাৰ্তালাপ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শনিবাৰে নিশা ৰাজ্যৰ সকলো জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং যোগে বাৰ্তালাপত মিলিত হয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) শ্ৰী জি পি সিং আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব শ্ৰী সমীৰ সিনহাৰ উপস্থিতিত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী মহাপৰিদৰ্শক তথা স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাযোগে বাৰ্তালাপ কৰে ৷

ইপিনে এই বাৰ্তালাপত কোভিড-১৯ প্ৰতিৰোধী ব্যৱস্থাৱলী আৰু ভৱিষ্যতৰ পৰিস্থিতিৰ প্ৰতি সষ্টম হৈ থকাকে ধৰি বিভিন্ন বিষয় আলোচিত হয় ৷ এই কথা ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment