১.৫৩ শতাংশলৈ ৰাজ্যত বৃদ্ধি আক্রান্তৰ হাৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱত ৰাজ্যৰ অঞ্চলবিশেষে ব্যাপক জনসমাগম হোৱাৰ পৰিপ্রেক্ষিতত আগন্তুক সময়ত ক’ভিড সংক্রমণ বৃদ্ধি পোৱাৰ প্রভূত সম্ভাৱনাই দেখা দিছে৷ বিশেষকৈ ২৪ ঘণ্টাত ০.৮৫ শতাংশৰ পৰা আক্রান্তৰ হাৰ একে কোবে ১.৫৩ শতাংশলৈ বৃদ্ধি পোৱাত গভীৰ আশংকাৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১৪৭জন৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৬৩ জন কামৰূপ মহানগৰ জিলাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ১৫,৮০৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৯৩ শতাংশ৷ শুকুৰবাৰে ক’ভিডত মৃত্যু ঘটিছে এজন লোকৰ৷ ইপিনে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ ১.৫৩ শতাংশলৈ বৃদ্ধি পাইছিল৷ বৃহস্পতিবাৰে ৰাজ্যত আক্রান্ত হৈছিল ২০৭ জন লোক৷ কালি মুঠ ১৩,৫৪৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷

Featured