অসমত ৰাজ্যসভাৰ খালী ২ আসনৰ বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি ১০জনৰ আবেদন

বিশেষ বাৰ্তা, নতুন দিল্লী, ১৮ আগষ্টঃ ৰাজ্য়সভাৰ দুখন আসনৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই ১০খন আবেদন লাভ কৰিছে। উক্ত দহখন আবেদনেই ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত দাখিল কৰি দিয়া হৈছে। এতিয়া দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লব ইয়াৰ ভিতৰত কোন দুইজন প্ৰাৰ্থিত্ব লাভ কৰে। নতুন দিল্লীত বিজেপিৰ বৰ্ধিত বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি সাংবাদিকৰ আগত এই কথা জানিবলৈ দিছে। আনহাতে ৰাজ্যত অনুষ্ঠিত হবলগীয়া উপ-নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি কলিতাই মন্তব্য কৰে। পাঁচ বিধানসভা সমষ্টিত হবলগীয়া উপ-নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব নেকি? সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে কংগ্ৰেছে নিজৰ কাম কৰি যাওক। জনতাই কি সিদ্ধান্ত লয় সেয়া হব গুৰুত্বপূৰ্ণ তথা চাবলগীয়া বিষয়। আনহাতে বিজেপিৰ নেতা-সদস্যৰ দলত্যাগ কৰা সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি জনৰ বক্তব্য- যদি সঁচাকৈ কৰ্মীসকলে বিজেপিক নিজৰ দল বুলি ভাবে তেনেহলে তেওঁলোক সঁচাকৈ এজন এজনকৈ নিষ্ঠাবান কৰ্মী। আৰু যদি কিবা বিচাৰি দললৈ আহিছে তেনেহলে সেয়া বেলেগ কথা হব। উল্লেখ্য যে আজি দুপৰীয়া ২ বজাৰ পৰা দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বৰ্ধিত সভা অনুষ্ঠিত হয়। মূলতঃ বিজেপিৰ পৰবৰ্তী ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবেই আজিৰ এই বৈঠকৰ আয়োজন কৰা হৈছে। লগতে দেশ জুৰী সদস্যভৰ্তি অভিযান সন্দৰ্ভতো আজিৰ বৈঠকত আলোচনা কৰা হব। বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সকলৰ লগতে ৰাজ্যিক সভাপতিসকলকো আমন্ত্ৰণ জনোৱা হৈছে। নিশাৰ ভাগত বৈঠকৰ সামৰণী অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থকাৰ কথা।

প্ৰেৰক কল্লোল ভৌমিক

Featured