মন্ত্রী মহনৰ চহী জালিয়াতিৰে ১০ কোটি লুণ্ঠন

🔹 ভূমি ম্যাদীকৰণ, চাকৰি–বদলিৰ নামত ৰাজ্যজুৰি প্রৱঞ্চনাৰ জাল
🔹 ছ’চিয়েল মিডিয়াত আৰক্ষী সঞ্চালকপ্রধানক ভাবুকি দিয়া প্রৱঞ্চক বিবেকানন্দক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৩০ মে’ : মন্ত্রী যোগেন মহনৰ স্বাক্ষৰ জাল কৰি আৰু তেওঁৰ পেড ব্যৱহাৰ কৰি জালিয়াতিৰে কোটি কোটি টকা লুট কৰা এজন প্রৱঞ্চকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিবেকানন্দ টাইদ নামৰ এইজন প্রৱঞ্চকক ক্রাইম ব্রাঞ্চে কোকৰাঝাৰত গ্রেপ্তাৰ কৰে৷ লক্ষণীয়ভাৱে বিগত দীর্ঘ সময় ধৰি বিভিন্নজনক চাকৰি দিয়াৰ নামত, বদলিকৰণৰ নামত, ঠিকাৰ নামত লাখ লাখ টকা সংগ্রহ কৰা বিবেকানন্দ টাইদৰ প্রৱঞ্চনাৰ কোনো লেখ–জোখ নাছিল৷ বহু লোকক ঠগ–প্রৱঞ্চনাৰে লুটি কোটিপতি হোৱা বিবেকানন্দ টাইদে শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধানক সামাজিক মাধ্যমযোগে ভাবুকি দি ফান্দত পৰিল৷ সামাজিক মাধ্যমত আৰক্ষীৰ শীর্ষ বিষয়াজনক ভাবুকি দিয়াৰ পিছতেই পৰহি আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা গ্রেপ্তাৰ কৰি আনে এইজন প্রৱঞ্চকক৷ দিছপুৰ থানাত ইতিপূর্বে প্রৱঞ্চনাৰ বলি হোৱা লোকে দাখিল কৰা এক গোচৰৰ ভিত্তিত বিবেকানন্দ টাইদক দিছপুৰ থানাত কালি দীর্ঘসময় জেৰা চলোৱা হয়৷ উত্থাপিত অভিযোগ অনুসৰি যোৱা দীর্ঘ সময় ধৰি প্রৱঞ্চনাৰে লুটি থকা এইজন বিবেকানন্দ টাইদে প্রায় ১০ কোটি টকা লুণ্ঠন কৰিছে৷ লুণ্ঠনৰ ধনেৰে ৰাজ্যৰ বিভিন্ন প্রান্তত মার্কেট কমপ্লেক্সো খুলিছিল প্রৱঞ্চকজনে৷ জয়ানগৰ, নাৰেংগী, আজাৰাত বিবেকানন্দই উর্মি ছুপাৰ মার্কেট নামেৰে মার্কেট কমপ্লেক্স খুলি আৰম্ভ কৰিছিল লাখটকীয়া ব্যৱসায়৷ চাকৰি দিয়াৰ নামতেই নহয়, মাটি ম্যাদী কৰা, মাটিৰ দালালি কৰিও বহু লাখ টকা সংগ্রহ কৰা প্রৱঞ্চক বিবেকানন্দ টাইদে আৰক্ষীৰ শীর্ষ বিষয়াৰ সৈতেও ঘনিষ্ঠতা থকা বুলি দাবী কৰি আহিছে৷ আনকি প্রৱঞ্চনাৰে ধন লুটি অনাৰ পাছত ভুক্তভোগীয়ে টকা বিচাৰিলেই পিষ্টল দেখুৱাই ভাবুকি দিছিল টাইদে৷ পূর্বেও পিষ্টলসহ বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল বিবেকানন্দ টাইদক৷ অনুজ্ঞা-পত্রহীন মাৰণাস্ত্র ব্যৱহাৰ কৰাৰ অপৰাধত গ্রেপ্তাৰ হোৱা এইজন প্রৱঞ্চকে জে’লৰ পৰা ওলাই পুনৰ মেলিছিল প্রৱঞ্চনাৰ জাল৷ দিছপুৰ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি বিবেকানন্দ টাইদে বিগত সময়ছোৱাত কিমানজন লোকৰ পৰা প্রৱঞ্চনাৰে ধন সৰকাইছে, তাৰ সকলো তথ্য অচিৰেই পোহৰলৈ আহিব৷ ইফালে, প্রৱঞ্চকজন সন্দর্ভত মহানগৰ আৰক্ষীৰ ডিচিপি মৃণাল ডেকাই প্রকাশ কৰা অনুসৰি বিবেকানন্দ টাইদৰ ঘৰ লখিমপুৰত৷ বহু যুৱকক যোৱা সময়ছোৱাত তেওঁ চাকৰি দিম বুলি টকা লোৱাৰ লগতে মন্ত্রী যোগেন মহনৰ স্বাক্ষৰ জালিয়াতি কৰি বিভন্ন চৰকাৰী প্রতিষ্ঠানলৈ গৈ প্রলোভনেৰে অবৈধভাৱে ধন ঘটি আছিল৷ প্রৱঞ্চকটোৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হৈ আছে দিছপুৰ আৰক্ষী থানাত৷ কালি প্রৱঞ্চক টাইদক আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ জিম্মাত লৈছে দিছপুৰ আৰক্ষীয়ে৷

Featured