উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ১০০ফুট উচ্চতাৰ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি-উন্মোচন কৰিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে নাজিৰাত উন্মোচন হ’ব আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি।১২২৮খ্ৰীষ্টাব্দত পাটকাই পৰ্বতে আহি চৰাইদেউত মৰাণ,বৰাহীকে আদি কৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আহোম ৰাজধানী প্ৰতিষ্ঠা কৰা বুৰঞ্জী পাতত সোণালী আখৰে খোদিত চাওলুং চুকাফাৰ প্ৰতিমূতি। ২৬ ফেব্ৰুৱাৰীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত নাজিৰাত উন্মোচন হ’ব এই প্ৰতিমূৰ্তি।এক ঐতিহাসিক ক্ষণ হৈ ৰ’ব আহোম জনগোষ্ঠীটোৰ বাবে।আহোম যুগৰ ৬০০বছৰীয়া ইতিহাসৰ বিৰল চানেকি গঢ়োতা বীৰ চাওলুং চ্যুকাফাৰ এই প্ৰতিমূৰ্তি ১০০ফুট উচ্চতাৰ বিৰল । অসমৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব এই বিশাল প্ৰতিমূৰ্তি।

ইতিমধ্যে, চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ উন্মোচনৰ বাবে ব্যস্ত হৈ পৰিছে সকলো।সম্পূৰ্ণ হৈ উঠিল চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি।উল্লেখ্য যে, প্ৰায় ১০০ ফুট উচ্চতাৰ চাওলুং চুকাফাৰ এই প্ৰতিমূৰ্তি ২০১৪ চনৰ পৰা নাজিৰা চহৰৰ ধোদৰ আলী পথৰ কাষতেই নিৰ্মাণ কাৰ্য চলি আছিল। লুইত দা ,ৰূপশ্ৰী বা আৰু ডেস্ক |