৭০ লাখ টকাৰ ১০,০০০ বটল নিষিদ্ধ ফেন্সিডাইল জব্দ

🔹 বজালী জিলা প্ৰশাসনৰ বৃহৎ অভিযান

নিয়মীয়া বাৰ্তা, ৪ মে’ : আজি পুৱাৰ ভাগতে বজালীত এখন কণ্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে বজালী জিলা প্ৰশাসনে৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, আজি পুৱা এখন ট্ৰাকত চোৰাংকৈ ভাৰতত নিষিদ্ধ কৰা ফেন্সিডাইল নামৰ কফ ছিৰাপৰ বৃহৎ ভাণ্ডাৰ আনি থকা বুলি এক গোপন সূত্ৰৰ পৰা লাভ কৰা বিশেষ তথ্যৰ পম খেদি বজালী জিলা প্ৰশাসনৰ এটা বিশেষ গোটে জোৰদাৰ তালাচী অভিযান চলায়। বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰু জিলাখনৰ আবকাৰী বিভাগৰ উপ-অধীক্ষক প্ৰেম কুমাৰ সিঙৰ সহযোগত চলা এই যুটীয়া অভিযানত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভৱানীপুৰত UP-21CN-5610 নম্বৰৰ কন্টেইনাৰ ট্ৰাক এখন জব্দ কৰা হয়৷ অভিযানকাৰী দলটোৱে বজালী জিলাৰ কাৰ্য্যবাহী দণ্ডাধীশ গৌৰৱ শেখৰ দাসৰ উপস্থিতিত ট্ৰাকখনত তন্নতন্নকৈ তালাচী চলাই ট্ৰাকখনৰ পৰা ১০,০০০ বটল ফেন্সিডাইল নামৰ নিচাযুক্ত কাহৰ দৰবৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত ট্ৰাকখনৰ অনা ব্ৰিটেনিয়া বিস্কুটৰ কাৰ্টনৰ আঁৰত আৰু কন্টেইনাৰৰ ভিতৰত গোপনকৈ নিৰ্মাণ কৰা আছুতীয়া কক্ষৰ ভিতৰত এই নিষিদ্ধ ঔষধৰ বটলসমূহ লুকুৱাই অনা হৈছিল। এই আইনবিৰুদ্ধ কাৰ্য্যত জড়িত থকাৰ অভিযোগত উত্তৰাখণ্ডৰ চুলতানপুৰৰ ফায়িম নামৰ এগৰাকী ব্যক্তিক আটক কৰা হৈছে। উল্লেখ্য যে জব্দ কৰা ঔষধখিনিৰ মূল্য প্ৰায় সত্তৰ লাখ টকা বুলি অনুমান কৰা হৈছে আৰু বিষয়টো সন্দৰ্ভত বজালী জিলা প্ৰশাসনৰ জোৰদাৰ তদন্ত অব্যাহত আছে।

প্ৰেৰক কল্যাণ কলিতা

Featured