কমলপুৰত ১০,৮১৮খন নতুন ৰেচন কাৰ্ড বিতৰণ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : ৰাজ্যত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুখীয়া ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত শেহতীয়াকৈ নতুনকৈ প্ৰায় ৪০ লাখ হিতাধিকাৰীক সুলভ মূল্যৰ ৰেচন কাৰ্ড প্ৰদান কৰা কাম আৰম্ভ হৈছে। ইয়াৰ অংশস্বৰূপে আজি কমলপুৰ সমষ্টিতো নতুন ৰেচন কাৰ্ড প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰেচন কাৰ্ড প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিধায়ক দিগন্ত কলিতাই কয়- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল-দূৰদৰ্শী, চিন্তাসমৃদ্ধ নেতৃত্বত আমাৰ চৰকাৰে ৰাজ্যত নতুনকৈ ৪০ লক্ষ লোকক অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে। ইয়াৰে অংশস্বৰূপে আজি কমলপুৰ বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড প্ৰদান কাৰ্যসূচীত উপস্থিত থাকোঁ। সম্প্ৰতি কমলপুৰ সমষ্টিত ১০,৮১৮খন নতুন কাৰ্ড বিতৰণ কৰা হয়। এই কাৰ্ডসমূহে ৩৮,৮৫৮গৰাকী হিতাধিকাৰীক সামৰি ল’ব। এই নতুন কাৰ্ডসমূহৰ দ্বাৰা বিনামূলীয়া চাউল, ৰন্ধন গেছৰ সংযোগ, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান অসম মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত বাৰ্ষিক পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা হিতাধিকাৰীসকলে লাভ কৰিব। আজিৰ এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীসহ প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

Featured