মাৰ্ঘেৰিটাৰ ১২৫টা নামঘৰৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ প্ৰস্তুতি

🔹 ৩ শতাধিক ভকত-বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : মাৰ্ঘেৰিটা মহকুমাৰ ১২৫টা নামঘৰৰ সমূহীয়া মঞ্চৰ উদ্যোগত মহকুমাটোৰ বিভিন্ন নামঘৰত বিগত ২৮ বছৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱভাগি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰি আহিছে । এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬সংখ্যক জন্মোৎসৱভাগি লিডু কেন্দ্ৰীয় নামঘৰ আৰু লিডু বাজাৰ হাইস্কুল খেলপথাৰত ১২, ১৩, ১৪, ১৫ আৰু ১৬ অক্টোবৰত উদযাপনৰ যো-জা চলোৱা হৈছে। আজি ধৰ্মীয় ৰীতি-নীতিৰে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ভাস্কৰ শৰ্মাই ।সহযোগ আগবঢ়ায় বনগঞা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামী তথা মূল সমিতিৰ সভাপতি প্ৰহ্লাদ ফুকনে । তিনি শতাধিক ভকত-বৈষ্ণৱ, আই-মাতৃৰ অংশগ্ৰহণেৰে অনুষ্ঠিত লাইখুঁটা স্থাপন  কাৰ্যসূচীত হৰিনামেৰে ভক্তিপ্ৰাণ ৰাইজে আকাশ-বতাহ মুখৰিত কৰি তোলে। আঁত ধৰে সমগ্ৰ অনুষ্ঠানটিৰ অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগে। লাইখুঁটা স্থাপন উপলক্ষে অনুষ্ঠিত সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি ভাস্কৰ শৰ্মা, বনগঞা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামী তথা মূল সমিতিৰ সভাপতি প্ৰহ্লাদ ফুকন, কাৰ্যকৰী সভাপতি উমেশ বৰা, প্ৰধান সম্পাদক অনিল চুতীয়া, লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈ আদিয়ে ভাষণ আগবঢ়ায়। পাছত নামঘৰৰ ভকতৰ জিৰণি চ’ৰাত কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰহ্লাদ ফুকন, প্ৰধান সম্পাদক অনিল চুতীয়া আৰু অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগ, মূল সমিতিৰ নোমল গগৈয়ে এখন সংবাদ মেল সম্বোধন কৰি কাৰ্যসূচীৰ বিস্তৃত বিৱৰণ দাঙি ধৰি ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে। সংবাদ মেলত কাৰ্যকৰী সভাপতি ধীৰাজ সোণোৱাল, উপ-সভাপতি তৰুণ গগৈ, সাধাৰণ সম্পাদক দীপক চেতিয়া আদি উপস্থিত থাকে । কাৰ্যসূচী অনুসৰি, ৬ অক্টোবৰত ১২৫টা নামঘৰৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধি আৰু বিষয়বাছনি সভা অনুষ্ঠিত হ’ব। ১২ অক্টোবৰত মাৰ্ঘেৰিটা মহকুমা নামঘৰসমূহৰ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ অন্তৰ্গত প্ৰতিটো নামঘৰে নিজাববীয়াকৈ গুৰুজনাৰ জন্মোৎসৱ পালন কৰিব । সন্ধিয়ালৈ ঘৰে ঘৰে তথা নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰিব । দিনৰ ১ বজাত গ্ৰন্থমেলা-প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰা হ’ব । ১৩ অক্টোবৰত পুৱা ৫:৩০ বজাত ঊষা কীৰ্তনেৰে কাৰ্যসূচী আৰম্ভ হ’ব । পুৱা ৮:৩০ বজাত ১২৫টা নামঘৰৰ ধৰ্মধ্বজা উত্তোলন কৰা হ’ব । মুখ্য উত্তোলক ৰূপে প্ৰহ্লাদ ফুকনে ভাগ ল’ব । পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰিব বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ভাস্কৰ শৰ্মাই । পুৱা ১০ বজাৰ পৰা ৪ দিন ধৰি শৰণ-ভজন হ’ব। শুভাৰম্ভ কৰিব শ্ৰীশ্ৰী নৰোৱা সত্ৰ বটদ্ৰৱাৰ ডেকা গোসাঁই টিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে । পুৱা ১০ বজাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । পুৱা ১০:৩০ বজাত নামঘৰৰ পৰা ভাগৱত ভ্ৰমণ আৰু ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব । দিনৰ ১১:৩০ বজাত মূল নাম-প্ৰসংগ অনুষ্ঠিত হ’ব । নামাচাৰ্য ৰূপে শিৱসাগৰৰ হীৰেন বাৰুৱতীয়ে অংশ ল’ব । দিনৰ ১২:৩০ বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাজ সংস্কাৰ আন্দোলন শীৰ্ষক বিষয়ত ধৰ্মীয় আলোচনা সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ’ব । মুখ্য অতিথিৰূপে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি ৰূপে বৈদেশিক আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, স্মৃতিগ্ৰন্থ উন্মোচক ৰূপে অসম সাহিত্য সভাৰ উপ-সভাপতি ডা: গিৰীশ সন্দিকৈ, সঞ্চালক ৰূপে ড° ৰমেন হাজৰিকা, মুখ্য বক্তা ৰূপে বিশিষ্ট সাহিত্যিক ড° ৰঞ্জিত দত্তই অংশ ল’ব। সন্ধিয়া ৭:৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা কুলাচলৰ মুক্তি লাভ নাট-ভাওনা মঞ্চস্থ হ’ব । ১৪ অক্টোবৰত পুৱা ১০ বজাত নাম-প্ৰসংগ অনুষ্ঠিত হ’ব । নামাচাৰ্য ৰূপে সৰ্ব্বেশ্বৰ বায়নে ভাগ ল’ব । দিনৰ ১১ বজাৰ পৰা মাৰ্ঘেৰিটা মহকুমা ভিত্তিত  দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১৫ অক্টোবৰত পুৱা ১০ বজাত নাম-প্ৰসংগ। নামাচাৰ্য ৰূপে বনগঞা সত্ৰ মাজুলীৰ সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামীয়ে অংশ ল’ব । বিয়লি ৩:৩০ বজাত সদৌ অসম ভিত্তিত প্ৰাইজমানী দিহানাম প্ৰতিযোগিতা। সন্ধিয়া ৭ বজাত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বৰগীত, লোকগীত আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১৬ অক্টোবৰত পুৱা ১০ বজাত আই-মাতৃ সন্মিলন অনুষ্ঠিত হ’ব ।সঞ্চালিকা ৰূপে বিশিষ্ট সাহিত্যিক নিৰুপমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব । দিনৰ ২ বজাত মুকলি সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব । মুখ্য অতিথি ৰূপে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিশিষ্ট অতিথি ৰূপে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া ৭:৩০ বজাত আমন্ত্ৰিত ভাওনা মঞ্চস্থ হ’ব। সদৌ অসম উজ্জীৱন শ্ৰেষ্ঠ সাংস্কৃতিক সাধনা বঁটা আৰু সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নাট্য দল শ্যামকানু নাট্যগোষ্ঠী, শিৱসাগৰৰ দ্বাৰা প্ৰদৰ্শিত হ’ব শ্ৰী শ্ৰী ভগৱত দৰ্শন। ১ লাখ ৮২ হাজাৰ নগদ ধনৰ পুৰস্কাৰ থকা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব বিচৰাসকলক সাংস্কৃতিক বিভাগৰে যোগাযোগ কৰিবলৈ (মোবাইল নম্বৰ- 7980437128/ 8486033082/8638061785) আহ্বান জনোৱা হৈছে ।

প্ৰেৰক মানস প্ৰতিম গগৈ

Featured